কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠনঃ দীপজ্যোতি দাসক সভাপতি আৰু অৰ্ণৱজ্যোতি কাকতিক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ
বোকাজান, ১৯ ডিচেম্বৰঃ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে জিলাখনৰ জনপ্ৰিয় ছাত্ৰ নেতা তথা 'আছু'ৰ জ্যেষ্ঠ কৰ্মী দীপজ্যোতি দাস। উল্লেখ্য যে, বকলীয়াঘাট উচ্চতৰ মাধ্য়মিক বিদ্যালয়ত চলি থকা কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ বকলীয়াঘাট অধিৱেশনৰ প্ৰতিনিধি আৰু বিষয়বাচনি সভাখন কালি সন্ধিয়াৰে পৰা আৰম্ভ হয়। উক্ত বৈঠকতে দীপজ্যোতি দাসক সভাপতি আৰু অৰ্ণৱজ্যোতি কাকতিক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৪১ জন সদস্যৰে কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়। নতুন সমিতিখনৰ ঘোষণা সম্পূৰ্ণ হোৱাৰ লগে লগে উপস্থিত ছাত্ৰ সংগঠনটোৰ কৰ্মীসকলে ফটকা-আতচবাজী ফুটাই আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হয়। নৱগঠিত সমিতিখনে নিশাই অধিৱেশনস্থলীত থকা শ্বহীদ বেদীৰ সন্মুখত আঠু লৈ ৰাইজৰ আশীষ-প্ৰাৰ্থনা কৰাৰ লগতে দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ লগতে উক্ত অধিৱেশনত উপস্থিত থকা কেইবা শতাধিক ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধি-কৰ্মকৰ্তাৰ 'জয় আই অসম' নিনাদেৰে আকাশ মুখৰিত হৈ পৰে।
No comments