শিৱসাগৰত কৃষিজাত সামগ্ৰীৰ বিপণন আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ সম্প্ৰসাৰণ সম্পৰ্কীয় কৰ্মশালাৰ সফল সামৰণিঃ প্ৰমাণ পত্ৰ বিতৰণ
শিৱসাগৰ, ২৭ ডিচেম্বৰঃ অসম উদ্যোগ বাণিজ্য বিকাশৰ শিৱসাগৰ জিলা উদ্যোগ বাণিজ্য বিভাগ আৰু এপাৰ্ট প্ৰকল্প আৰু গ্ৰান্ট গ্ৰেন্থৰ উদ্যোগত জিলা পৰিষদৰ কাৰ্যালয়ত এক কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশলাত ক্ষুদ্ৰ গোটৰ ব্যৱসায়ীসকলে প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি কিদৰে নিজৰ দক্ষতাৰে কি কি ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী তথা সা-সঁজুলিৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান আগবঢ়াই নিয়াৰ লগতে স্বাৱলম্বী হোৱাৰ দিশত বিপনী তথা ব্যৱসায়ী সম্প্ৰসাৰণ কৰিব পাৰে তাৰ সম্পৰ্কত উক্ত কৰ্মশালাখনি অনুষ্ঠিত কৰা হয়।
জিলা ভিত্তিত অনুষ্ঠিত উক্ত কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে কামৰূপ মেট্ৰ' ইণ্ডাষ্ট্ৰী এচোছিয়েশ্যনৰ সহসম্পাদক প্ৰদ্যুৎ মহন্তৰ প্ৰশিক্ষণত জিলাখনৰ ভিন্ন প্ৰান্তৰ ক্ষুদ্ৰ গোটৰ ব্যৱসায়ীসকলে প্ৰশিক্ষণত অংশ গ্ৰহণ কৰে। উক্ত কৰ্মশালাখনিৰ সফল সামৰণি হোৱাৰ লগতে প্ৰশিক্ষাৰ্থীসকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।
No comments