Breaking News

বকলীয়াঘাটত প্ৰচণ্ড শিল বৰষুণ

বোকাজান, ২৬ ডিচেম্বৰঃ অনাবৃষ্টি, তীব্ৰ খৰাং শীতৰ আগমনৰ তাৰতম্যকে ধৰি এই বছৰটোতে প্ৰকৃতিয়ে বিপৰীত ৰূপ ধাৰণ কৰি অহাৰ সময়তে যোৱা নিশা কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ লগতে পশ্চিম কাৰ্বি আংলঙত এজাক প্ৰচণ্ড শিল বৰষুণৰ সূত্ৰপাত হয়। নিশা প্ৰায় ৯ বজাত অকস্মাতে অহা শিল বৰষুণজাকে বকলীয়াঘাট, ৰজাপথাৰ আৰু পশ্চিম কাৰ্বি আংলং এলেকাৰ বিস্তীৰ্ণ অঞ্চল বৰফেৰে উপচি পৰা পৰিলক্ষিত হয়। প্ৰায় বিশ মিনিট ধৰি চলা অস্বাভাৱিক পৰিমাণৰ শিল বৰষুণৰ ফলত এলেকাসমূহত শুভ্ৰবৰফে কেইবা তৰপ বন্ধা বুলি জানিব পৰা হৈছে।

আজি সমগ্ৰ দিন পৰ্যন্ত যোৱানিশাৰ শিল বৰষুণৰ ফলত স্তুপিকৃত বৰফসমূহ গোট মাৰি থকা দেখিবলৈ পোৱা যায়। নিশাৰ ভাগত হোৱা এনে অস্বাভাৱিক পৰিমাণৰ শিল বৰষুণৰ ঘটনাই আজি এলেকাসমূহত বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। অৱশ্যে, বৰষুণজাক নিশাৰ ভাগত হোৱাৰ বাবে পোহনীয়া জীৱ-জন্তুসমুহ ক্ষতিগ্ৰস্থ হোৱাৰ পৰা কোনোমতে ৰক্ষা পৰে।



No comments