বকলীয়াঘাটত শোকাৱহ পথ দুৰ্ঘটনাঃ চাৰিজন গুৰুতৰভাৱে আহত
বোকাজান, ২৫ ডিচেম্বৰঃ বৰদিনৰ উৎসৱৰ আনন্দৰ মাজতে শুক্ৰবাৰে নিশা বকলীয়াঘাটত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত চাৰিজন যুৱক অতি গুৰুতৰভাৱে আহত হয়। ঘটনাৰ বিৱৰণী অনুসৰি, শুক্ৰবাৰে নিশা প্ৰায় ৯ বজাত বকলীয়াঘাট নগৰৰ মাজমজিয়াতে এএছ-০১-ভি-৫১৪২ নম্বৰৰ তীব্ৰবেগী চাৰিচকীয়া বাহনখনে প্ৰথমে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজ কাঢ়ি আহি থকা দুজন যুৱকক মহতিয়াই নিয়ে। উক্ত ঘটনা সংঘটিত কৰিয়েই তীব্ৰবেগী বাহনখনে তীব্ৰবেগে আগুৱাই আহি বকলীয়াঘাটৰ পেট্ৰল পাম্প পাৰ হৈয়েই সোঁফালে পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুটাত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰি পথৰ দাঁতিত বাগৰি পৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, বাহনখনৰ খুন্দাত বিদ্যুতৰ খুটাটো সম্পূৰ্ণৰূপে বেঁকা হৈ পৰে। দুৰ্ঘটনাটোত বাহনখনত থকা দুজন আৰোহী অতি গুৰুতৰভাৱে আহত হয়। আহত যুৱক দুজন বকলীয়াঘাটৰ মানিক ৰংপি আৰু ভাৰতছিং ফাংছ' বুলি চিনাক্ত কৰা হৈছে। আনহাতে, দুৰ্ঘটনাটোত আহত হোৱা পথচাৰী দুগৰাকী ক্ৰমে, থেংটম ৰংপি আৰু মহেশ টেৰণ বুলি জানিব পৰা গৈছে। আহত চাৰিওগৰাকী যুৱককে অতি গুৰুতৰভাৱে আহত অৱস্থাত লগে লগে বকলীয়াঘাট প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে আটাইকেইগৰাকীকে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
No comments