Breaking News

ক'ভিডত মৃত্যুবৰণ কৰা লোকক এককালীন সাহায্য প্ৰদান কৰাক লৈ ডিফুত জিলা উপায়ুক্তৰ সংবাদমেলঃ "হৰ ঘৰ দস্তক" অভিযানেৰে কাৰ্বি আংলঙত ৯০ শতাংশ টীকাকৰণ হৈছেঃ দিবাকৰ নাথ

বোকাজান, ২৩ ডিচেম্বৰঃ ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকসকলৰ নিকটাত্মীয়ক চৰকাৰে প্ৰদান কৰা সাহায্য লাভৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে কাৰ্বি আংলং জিলা প্ৰশাসনে ৷ জিলা উপায়ুক্ত দিবাকৰ নাথে এক সংবাদমেল আয়োজন কৰি কয় যে, চৰকাৰে ক'ভিড আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা ব্যক্তিৰ নিকটাত্মীয়লৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য আগবঢ়াইছে ৷ জিলাখনত ১৩৫ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে ৷ ইয়াৰে ২২ গৰাকী লোকক ইতিমধ্যে সাহায্য প্ৰদান কৰা হ'ল আৰু ৫৫ গৰাকীয়ে আবেদন পত্ৰ সংগ্ৰহ কৰিছে ৷ বাকী থকা লোকসকলকো চৰকাৰে জাৰি কৰা পৰ্টেল অথবা উপায়ুক্ত কাৰ্যালয়ৰ পৰা আবেদনপত্ৰ সংগ্ৰহ কৰিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনাইছে ৷ আনহাতে, এককালীন সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে নীতিৰ কিছু সাল-সলনি কৰিছে বুলি জানিবলৈ দি উপায়ুক্তগৰাকীয়ে কোনো ব্যক্তি যদি ক'ভিড আক্ৰান্ত হৈছিল আৰু ক'ভিড মুক্ত হৈ এটা মাহৰ ভিতৰত মৃত্যুবৰণ কৰিছিল, তেনে ব্যক্তিৰ আত্মীয়য়ো আবেদন কৰিব পাৰিব বুলি মন্তব্য কৰে ৷ ইয়াৰ বাবে মৃতকৰ ক'ভিড আক্ৰান্ত হোৱাৰ প্ৰমাণপত্ৰ আৰু নিকটাত্মীয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব ৷ অৱশ্যে এই মৃত্যু ৰোগজনিত অথবা সাধাৰণ মৃত্যু হ'ব লাগিব ৷ আত্মহত্যা, দুৰ্ঘটনা আদিৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য নহ'ব বুলিও উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে ৷ আনহাতে, জিলাখনত ক'ভিড ভেকচিন লোৱাৰ পৰিমান ৮৩ শতাংশৰো অধিক হোৱা বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷ তেওঁ লগতে কয় যে, ২৭১ টা দল ক'ভিডৰ সৈতে জড়িত হৈ আছে আৰু অতিৰিক্তভাৱে দুখন জিলাৰ পৰা ৩১ জনীয়া এটা দল জড়িত কৰা হৈছে ৷ জিলাখনৰ বোকাজান, হাওৰাঘাট সমষ্টিত কিছু ক্ষেত্ৰত ভেকচিন প্ৰদানত আহুকাল হৈছে যদিও ৩৫০ টা ভোট গ্ৰহণ কেন্দ্ৰত ১০০ শতাংশ ভেকচিন প্ৰদান কৰা বুলি প্ৰতিবেদন লাভ কৰা হৈছে বুলি উপায়ুক্তগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে ৷ ৰাজ্যিক তথ্য অনুসৰি ৮৩ শতাংশ টীকাকৰণ হোৱা বুলি উপায়ুক্তগৰাকীয়ে বিশেষ টীকাকৰণ অভিযান 'হৰ ঘৰ দস্তক ' অভিযান মতে জিলাখনত ৯০ টীকাকৰণ হৈছে বুলি উল্লেখ কৰি জিলাখনৰ দুৰ্গম এলেকা হাট-বজাৰ আদিত টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে  বুলিও উল্লেখ কৰে ৷ একেদৰে গাঁৱলীয়া বেংকসমূহতো টীকাকৰণৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷ লগতে ভেকচিন নোলোৱা ১০ শতাংশ লোকৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰিছে উপায়ুক্তগৰাকীয়ে ৷ ইপিনে চৰকাৰে বিনামূলীয়া সমবায় ৰেচন দোকানসমূহৰ জৰিয়তে প্ৰদান কৰা চাউল নিয়াৰ ক্ষেত্ৰত দুটাকৈ ভেকচিন লোৱা ঘৰৰ সকলো লোকৰে প্ৰমাণপত্ৰ প্ৰদান কৰাটো জৰুৰী কৰা হৈছে ৷ চৰকাৰে এশ শতাংশ টীকাকৰণ নিশ্চিত কৰাৰ বাবে লোৱা পদক্ষেপ বুলি দোহাৰে উপায়ুক্তগৰাকীয়ে ৷ এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰিছে উপায়ুক্তগৰাকীয়ে ৷



No comments