Breaking News

দিচাংমুখত আতায় (বন্ধু) এলবামৰ শুভ মুহূৰত

শিৱসাগৰ, ২৩ ডিচেম্বৰঃ পাপু য়েইন প্ৰডাকচনৰ নিবেদন মিচিং ঐনিতম অডিঅ’ আতায় (বন্ধু) ৰ আজি ভিডিঅ’ এলবামৰ ছুটিঙৰ আজি শুভ মুহূৰত ৷ দিচাংমুখৰ সমীপৰ দিচাং-ব্ৰহ্মপুত্ৰৰ সংগমস্থলী লিগিৰিবাৰী গাঁৱৰ নদীৰ পাৰত আনুষ্ঠানিকভাৱে নাৰিকল ভাঙি কেমেৰা অন’ কৰি শুভ উদ্ধোধন কৰে বিশিষ্ট সাংবাদিক তথা গ্ৰাম্য সাংবাদিক সংস্থা অসমৰ সম্পাদক ৰজনীকান্ত পাংগিঙে ৷ চিত্ৰশিল্পী ধীৰেণ মিলিয়ে আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে অনাতাঁৰ শিল্পী প্ৰয়াত লীলাৰাম য়েইনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে য়েইনৰ বৰ পুত্ৰ তথা অভিনেতা হৰকান্ত য়েইনে ৷ শুভ মুহূৰত অনুষ্ঠানত উপস্থিত থাকে সাংবাদিক প্ৰাঞ্জল পূজাৰী, শিল্পী জয়ন্ত মিলি আদিকে ধৰি বহু কেইজন গণ্যমান্য ব্যক্তি তথা কলা-কৌশলী ৷ উল্লেখ্য যে, গীতটিৰ কথা প্ৰয়াত লীলাৰাম য়েইনৰ, সুৰ ধীৰেণ মিলিৰ, কণ্ঠ জনপ্ৰিয় শিল্পী পাপালা মিলিৰ আৰু কেমেৰা যদু টায়েৰ লগতে এলবামটিত অভিনয় কৰিছে অভিনেতা হৰকান্ত য়েইন, ধীৰেণ মিলি, ধেমাজিৰ অভিনেত্ৰী  এম জি দলে আৰু তিনিচুকীয়াৰ দীপা তাৰাকে ৷







No comments