Breaking News

কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ বকলীয়াঘাট অধিৱেশনৰ সফল সমাপ্তিঃঃ নতুন শিক্ষানীতিখনৰ বিষয়ে শুনিবলৈ ভাল। কিন্তু প্ৰয়োজনীয় আন্তঃগাথনি অবিহনে অসাৰ হ'ব নতুন শিক্ষানীতিঃ পাহাৰীয়া জিলাখনত পৰ্যাপ্ত পৰিমাণৰ উচ্চ শিক্ষানুষ্ঠানৰ অভাৱ- ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

বোকাজান, ২০ ডিচেম্বৰঃ 'নতুন শিক্ষানীতিখনৰ বিষয়ে শুনিবলৈ ভাল। কিন্তু প্ৰয়োজনীয় আন্তঃগাথনি অবিহনে অসাৰ হ'ব নতুন শিক্ষানীতি।'- এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। উল্লেখ্য যে, যোৱা ১৮ আৰু ১৯ ডিচেম্বৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ বকলীয়াঘাট অধিৱেশন অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানৰ কালি সন্ধিয়া অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰদান কৰা দীঘলীয়া ভাষণত ছাত্ৰ নেতাগৰাকীয়ে চৰকাৰৰ নতুন শিক্ষানীতি, পাহাৰীয়া জিলাসমূহৰ শৈক্ষিক দুৰৱস্থা তথা অসমৰ জাতীয় জীৱনৰ বিভিন্ন বিষয় সাঙুৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। প্ৰাথমিক বিদ্যালয়সমূহ শিক্ষাৰ মূল ভেটি বুলি অভিহিত কৰি প্ৰাথমিক পৰ্যায়ত শিক্ষা শক্তিশালী কৰিব লাগিব বুলি মন্তব্য কৰি ছাত্ৰ সংগঠনটোৰ শীৰ্ষ নেতাগৰাকীয়ে নতুন শিক্ষা নীতি অনুসৰি ৰাজ্যখনত সম্প্ৰতি প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয় স্থাপন নোহোৱাৰ কাৰ্যত উদ্বেগ প্ৰকাশ কৰে। অৱশ্যে, মাতৃভাষাৰ মাধ্যমত শিক্ষাদানৰ সিদ্ধান্তক আদৰণি জনাই ড০ ভট্টাচাৰ্যই অসমীয়াৰ লগতে অন্য ভাষাৰ মাধ্যমত প্ৰতিষ্ঠা হোৱা বিদ্যালয়ে আমাৰ ভাষা-সংস্কৃতিৰ বৰঘৰ চহকী কৰিব বুলি আশা প্ৰকাশ কৰে। কাৰ্বি আংলং জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে অন্য জিলাৰ শিক্ষাৰ্থীৰ দৰে সমান সা-সুবিধা লাভ কৰিব লাগিব বুলি মন্তব্য কৰি পাহাৰীয়া জিলাখনত পৰ্যাপ্ত পৰিমাণৰ উচ্চ শিক্ষানুষ্ঠানৰ অভাৱৰ বাবে চৰকাৰক সমালোচনা কৰে। তিনিওখন পাহাৰীয়া জিলাতে একোখনকৈ ৰাজ্যিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ লগতে শিক্ষকৰ অভাৱ পূৰণ কৰাৰ বাবেও দাবী জনায়। অসমত পৰ্যাপ্ত শিক্ষানুষ্ঠানৰ অভাৱত বহিঃ ৰাজ্যলৈ অসমৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণৰ বাবে যোৱাৰ নামত বছৰি তিনিশ কোটি টকা বাহিৰলৈ ওলাই যায় বুলি মত প্ৰকাশ কৰি ছাত্ৰ নেতাগৰাকীয়ে তিনিওখন পাহাৰীয়া জিলাতে কৃষি বিশ্ববিদ্যালয়, উদ্যান শস্য বিশ্ববিদ্যালয় আৰু কৌশল বিকাশৰ প্ৰতিষ্ঠান স্থাপনৰ বাবে দাবী জনায়।

আদৰণী সমিতিৰ সভাপতি তথা বিশিষ্ট সাহিত্যকৰ্মী কামছিং হাঞ্চেৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন উদ্ধোধন কৰি প্ৰদান কৰা ভাষণত কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰছিং ক্ৰ'ৱে প্ৰকৃতাৰ্থত সোণৰ অসম গঢ়িবলৈ হ'লে ছাত্ৰ সন্থাৰ দৰে সংগঠনৰ প্ৰয়োজনীয়া অপৰিহাৰ্য বুলি মন্তব্য কৰাৰ লগতে কাৰ্বি আংলঙৰ বৃহৎ সাংস্কৃতিৰ সমাৰোহ কাৰ্বি যুৱ মহোৎসৱৰ প্ৰতি অসম চৰকাৰৰ তৰফৰ পৰা কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা হোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰে। উদ্ধোধকগৰাকীৰ উক্ত মন্তব্যৰ আঁত ধৰি মুখ্য অতিথিৰ ভাষণত আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কাৰ্বি যুৱ মহোৎসৱ কেৱল কাৰ্বিসকলৰেই উৎসৱ নহয়, বৰঞ্চ অসমৰ জাতীয় জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি অভিহিত কৰি এনে বৃহৎ সাংস্কৃতিক মহোৎসৱৰ প্ৰতি দিছপুৰীয়া চৰকাৰৰ অমনোযোগিতাত আক্ষেপ প্ৰকাশ কৰে। অসম চৰকাৰে কাৰ্বি যুৱ মহোৎসৱক পূৰ্ণ সমৰ্থন দিব লাগিব বুলি দাবী কৰি জ্যেষ্ঠ নেতাগৰাকীয়ে কাৰ্বি মহোৎসৱৰ সময়ছোৱাত চৰকাৰী বন্ধৰ দিন ঘোষণা কৰাৰ বাবেও চৰকাৰক আহ্বান জনায়। কাৰ্বি যুৱ মহোৎসৱক এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই সমৰ্থন আগবঢ়াই যাব বুলি ড০ ভট্টাচাৰ্যই ভাষণ প্ৰসংগত উল্লেখ কৰে। আনহাতে, বিদেশী সমস্যা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে যোৱা চাৰি দশক ধৰি অসমৰ ৰাইজে কৈ অহা কথা আজি মাননীয় উচ্চতম ন্যায়ালয়ে কৈ থকা বুলি মন্তব্য কৰে। বিদেশী প্ৰব্ৰজনৰ সমস্যা গুজৰাটত হ'লে কি ব্যৱস্থা ল'লেহেঁতেন বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰশ্ন কৰে। অবৈধ বাংলাদেশী অসমত কিংমেকাৰ হ'ব বুলি এসময়ত আছুৰ দাবীক আজি উচ্চতম ন্যায়ালয়েও স্বীকাৰ কৰা বুলি মন্তব্য কৰি নেতাগৰাকীয়ে 'কা' বাতিল কৰাৰ দাবী জনায়। অসমত নতুন চৰকাৰ গঠন হোৱাৰ পিছতে অসম চুক্তিৰ মন্ত্ৰী আছুৰ কাৰ্যালয়লৈ অহাৰ প্ৰসংগত মন্তব্য কৰি নেতাগৰাকীয়ে ৰাজপথৰ আন্দোলনৰ সমাধান টেবুলত আলোচনাৰ জৰিয়তে সফল নহ'লে পুনৰ ৰাজপথত আন্দোলন হ'ব বুলিও সকীয়নি প্ৰদান কৰে। আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি প্ৰদান কৰা চমু ভাষণত আছুৱে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপনৰ বাবে কাম কৰি আহিছে যদিও এটা শক্তিয়ে শান্তি-সম্প্ৰীতিৰ এনাজৰী ভাঙি তচনচ কৰাৰ চেষ্টা চলাই থকা বুলি উল্লেখ কৰে। এনে শক্তিৰ বিৰুদ্ধে এই মঞ্চৰ পৰাই সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিব লাগিব বুলি মন্তব্য কৰি ছাত্ৰ নেতাগৰাকীয়ে এই ক্ষেত্ৰত সকলো সংগঠনে একেলগে মাত দি অহাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শিক্ষাৰ ক্ষেত্ৰত কাৰ্বি আংলং জিলাত চৰকাৰে পৰ্যাপ্ত সুবিধা প্ৰদান কৰা নাই বুলি অভিযোগ কৰি আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে পাহাৰীয়া জিলাখনৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঠনিৰ অভাৱ পূৰণ কৰাৰ দাবী জনায়। চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঠনিৰ দুৰ্বলতাৰ বাবেই চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি সাধাৰণ লোকৰ অনিহা বৃদ্ধি পোৱাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ গুৰুত্ব বৃদ্ধি পোৱা বুলি মত প্ৰকাশ কৰে। জিলাখনৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে গুৰুত্ব দিব লাগিব বুলি মন্তব্য কৰি পাহাৰীয়া এলেকাটোৰ পৰ্যটনৰ সম্ভাৱনা থকা এলেকাসমূহৰ সঠিক প্ৰচাৰৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক আহ্বান জনায়। সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ভালেকেইগৰাকী বিষয়ববীয়াৰ লগতে জিলাখনৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহৰ নেতৃবৰ্গ, সামাজিক সংগঠনসমূহৰ নেতৃত্ব উপস্থিত থাকে। বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহৰ আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শনেও উপস্থিত ৰাইজৰ মন প্ৰফুল্লিত কৰাৰ লগতে নিশালৈ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে অসমৰ নৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়া।

No comments