বকলীয়াঘাটত পথ দুৰ্ঘটনাত দুজন গুৰুতৰভাৱে আহত
বোকাজান, ১৭ ডিচেম্বৰঃ আজি সন্ধিয়া বকলীয়াঘাটত সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হয়। ঘটনাৰ বিৱৰণ অনুসৰি, আজি সন্ধিয়া প্ৰায় সাত বজাত বকলীয়াঘাট পশু চিকিৎসালয়ৰ সমীপত এখন স্কুটী আৰু এখন চাইকেল আৰোহীৰ মুখামুখি সংঘৰ্ষৰ ফলত দুয়োজন আৰোহী গুৰুতৰভাৱে আহত হয়। আহত দুয়োজনকে ততালিকে বকলীয়াঘাট প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে দুয়োকে ডিফুলৈ প্ৰেৰণ কৰা হয়। আহত লোক দুজন ক্ৰমে বকলীয়াঘাট আটি গাঁৱৰ প্ৰমোদ হাজৰিকা আৰু এৰাগাঁৱৰ মনছিং হাঞ্চে বুলি চিনাক্ত কৰা হৈছে।
No comments