উত্তৰ বৰবিলত পথ দুৰ্ঘটনাত এজন লোক নিহত
বোকাজান, ১৬ ডিচেম্বৰঃ কালি সন্ধিয়া উত্তৰ বৰবিল উপ আৰক্ষী চকীৰ অন্তৰ্গত কাৰ্ককত সংঘটিত হোৱা পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। ঘটনাৰ বিৱৰণী অনুসৰি, কালি সন্ধিয়া প্ৰায় ৬.৩০ বজাত কাৰ্কক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত গুৱাহাটীৰ পৰা বকলীয়াঘাট দিশে আহি থকা এখন তীব্ৰবেগী ট্ৰেভেলাৰে বিপৰীত দিশৰ পৰা আহি থকা এগৰাকী চাইকেল আৰোহীক সন্মুখৰ পৰা খুন্দা মৰাৰ ফলত চাইকেল আৰোহীজন থিতাতে নিহত হয়। নিহত লোকজন কাৰ্কক টাক্লং বে' গাওঁৰ বৰছিং ইংতি (৬৩) বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰেভেলাৰখন উক্ত স্থানৰ পৰা আতৰি যায় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে উত্তৰ বৰবিল আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে।
No comments