Breaking News

ডকমকাত ফৰলেনৰ কৰ্মচাৰীক অপহৰণ

বোকাজান, ১১ ডিচেম্বৰঃ কাৰ্বি আংলঙৰ উগ্ৰপন্থী সংগঠনসমূহে শান্তি আলোচনাৰ জৰিয়তে শান্তিৰ পথ লোৱাৰ পাছত জিলাখনত শান্তিপূৰ্ণ বাতাবৰণ সৃষ্টি হোৱা বুলি চৰকাৰে দাবী কৰি অহাৰ সময়তে যোৱা নিশা কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা এজন ফৰলেনৰ কৰ্মচাৰী অপহৃত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা নিশা প্ৰায় ১-৩০ বজাত ডকমকা থানাৰ অন্তৰ্গত ডংহাপ এলেকাৰ পৰা কোনো অজ্ঞাত দুৰ্বৃত্তই এই অপৰহণৰ ঘটনা সংঘটিত কৰে। অপহৃত কৰ্মচাৰীজন স্কাইলাৰ্ক কোম্পানীৰ ফকলেনৰ চালক অশোক যাদৱ বুলি জানিব পৰা গৈছে। অপৰহণকাণ্ড সংঘটিত হোৱাৰ পিছতেই আৰক্ষীয়ে সমগ্ৰ এলেকাটোত কৰ্মচাৰীগৰাকীক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।




No comments