বকলীয়াঘাটত আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস পালন
বোকাজান, ১০ ডিচেম্বৰঃ ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ এম্বেছেদৰছ অৰ্গেনাজেশ্যন শীৰ্ষক মানৱ অধিকাৰ সংস্থাৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস পালন কৰা হয়। সংস্থাটোৰ সভাপতি ডঃ হৰেশ্বৰ শইকীয়াই বন্তি প্ৰজ্জ্বলন কৰা সভাখনত অসমৰ কেইবাখনো জিলাৰ মানৱ অধিকাৰ কৰ্মীসকলৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰো মানৱ অধিকাৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে। বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধক্ষ্য দেৱদত্ত ডেকাই ভাষণ প্ৰসংগত মানৱ অধিকাৰ দিৱসৰ তাৎপৰ্য সবিস্তাৰে ব্যাখ্যা কৰাৰ লগতে মানৱ অধিকাৰ সুৰক্ষাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
সভাখনত লগতে সংস্থাটোৰ অসম ৰাজ্যিক সভানেত্ৰী নিভা কুমাৰী বৰা, নাগালেণ্ডৰ ৰাজ্যিক সভাপতি য়ানচাৰ'ম' কিকন, কাৰ্বি আংলং জিলা সমিতিৰ সভানেত্ৰী বন্দনা হাজৰিকা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গোপীকান্ত মেধি, সমাজসেৱক মহকান্ত হাজৰিকা, অৱসৰপ্ৰাপ্ত বন বিষয়া ফুডিং তেৰাং, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক অপূৰ্ব দাস, কাৰ্বি আংলং জিলা অসমীয়া ভাষিক সন্থাৰ সভাপতি অখিল হাজৰিকা আদিয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱসৰ কাৰ্যসূচীৰ সমান্তৰালভাৱে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও প্ৰদৰ্শন কৰা হয়।
No comments