আছুৰ হাওৰাঘাট আঞ্চলিক সমিতি গঠন
বোকাজান, ৯ ডিচেম্বৰঃ আছুৰ হাওৰাঘাট আঞ্চলিক সমিতিখন আজি গঠন কৰা হয়। এই উদ্দেশ্যে আজি জিনৰ এঘাৰ বজাৰ হাওৰাঘাট পৌৰসভাৰ আলোচনা কক্ষত ৰূপজ্যোতি হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশ্বজিৎ শীলশৰ্মাক সভাপতি, অভিজিৎ বৰুৱাক সাধাৰণ সম্পাদক আৰু সুভাষ বৰাক উপদেষ্টা হিচাপে লৈ মুঠ ত্ৰিশজন সদস্যৰে সমিতিখন গঠন কৰা হয়। কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক মুকুল হাজৰিকা সভাখনত পৰ্যৱেক্ষক হিচাপে উপস্থিত থাকে।
No comments