বোকাজানত আৰক্ষীৰ অভিযানঃ এটা পিষ্টল, এটা মেগজিন, দুটা সজীৱ গুলীসহ গ্ৰেপ্তাৰ তিনি যুৱক
বোকাজান, ১৫ নৱেম্বৰঃ কাৰ্বি আংলং জিলাৰ বোকাজানত দেওবাৰে সন্ধিয়াৰ ভাগত আৰক্ষীয়ে অভিযান চলাই অস্ত্ৰ-শস্ত্ৰসহ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, এক নিদিষ্ট সুত্ৰৰ পম খেদি কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত তথা গাঁওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীৰ এটা দলে দেওবাৰে সন্ধিয়া ৫ বজাত খটখটি আৰক্ষী থানাৰ অন্তৰ্গত দুদু কলনী এলেকাত এক অভিযান চলায়। উক্ত অভিযানত আৰক্ষীৰ দলটোৱে অস্ত্ৰ-শস্ত্ৰসহ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত যুৱককেইজন ক্ৰমে, চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পূব ডিমাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চুপাৰ মাৰ্কেটৰ বাসিন্দা আছকা চেমা (৩৮), গোলাঘাট জিলাৰ উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত লক্ষীনগৰ পাৰ্ট টুৰ বাসিন্দা ইবুংগ' সিংহা (২৭) আৰু বইচা সিংহা (২৯) বুলি চিনাক্ত কৰা হৈছে। যুৱককেইজনৰ জিম্মাৰ পৰা অভিযানকাৰী দলটোৱে এটা পইণ্ট ২২ পিষ্টল, এটা মেগজিন আৰু দুই জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত যুৱকৰ দলটোৰ হাতত এই অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই স্বাভাৱিকতে সীমান্তৱৰ্তী এলেকাটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে, আটকাধীন যুৱককেইজন কোনো উগ্ৰপন্থী সংগঠনৰ সদস্য নেকি অথবা জব্দ হোৱা অস্ত্ৰ-শস্ত্ৰসমূহৰ উৎস আদি তথ্যৰ সন্দৰ্ভত ধৃত যুৱককেইজনৰ ওপৰত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
No comments