সৰুপথাৰ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন
ধনশিৰি, ২৭ নৱেম্বৰঃ ধনশিৰি মহকুমাৰ দৈয়াং পৃষ্ঠ ভূমিৰ প্ৰাণ কেন্দ্ৰস্বৰূপ সৰুপথাৰ মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ উদ্যোগত আজি মুহিকান্ত তামুলী প্ৰেক্ষাগৃহত নৱাগত আদৰণী সভাৰ আয়োজন কৰে। পতাকা উত্তোলন, বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা নৱাগত আদৰণী সভাখনিত মহাবিদ্যালয়খনিৰ অধ্যক্ষা মনিপ্ৰভা বৰাৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনকে ধৰি বহুকেইজন বিশিষ্ট অতিথিয়ে নৱাগতসকলক উদ্দেশ্যি বহুমূলীয়া ভাষণ প্ৰদান কৰে। সভাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা উদ্দীপ জ্যোতি গগৈ, নিৰ্দিষ্ট বক্তা প্ৰণৱ জ্যোতি চেতিয়া, বিশিষ্ট অতিথি হিচাপে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, সংবাদ মাধ্যম টাইম ৮ৰ ঘোষক নেত্ৰজিৎ বৰা, আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য শশধৰ গগৈ, ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ণ ভূঞা, ধনশিৰি মহকুমাৰ মহকুমাধিপতি জাবিৰ ৰাহুল সূৰেশকে প্ৰমুখ্য কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সৰুপথাৰ মহাবিদ্যালয়ৰ এই নৱাগত আদৰণী সভাখনিৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনিৰ ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠানকে ধৰি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোঁহাইৰ গীতৰ শৰাইৰ অনুষ্ঠানেৰে মহাবিদ্যালয়খনিৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সকলো শিক্ষক-শিক্ষয়ত্ৰীকে আনন্দিত আৰু উৎসৱমুখৰ কৰি তোলে।
No comments