বকলীয়াঘাটত বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ
বোকাজান, ২৪ নৱেম্বৰঃ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট এলেকাত আজি বন বিভাগে অভিযান চলাই বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আজি পুৱাৰ ভাগত বন বিভাগৰ নৰ্দাৰ্ণ ৰেঞ্জৰ বকলীয়াঘাটস্থিত কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দলে বকলীয়াঘাটৰ কাকীজান ইংহি গাঁৱত অভিযান চলাই গাঁওখনত লুকুৱাই ৰখা অৱস্থাত বিভিন্ন মূল্যবান কাঠৰ ৯৯ টা বাটাম জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা কাঠখিনিৰ আনুমানিক বজাৰমূল্য কমেও প্ৰায় ৪০,০০০ টকা। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, যোৱা কেইটামান দিনত বকলীয়াঘাট এলেকাত বন বিভাগে ধাৰাবাহিক অভিযান চলাই বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে।
No comments