Breaking News

কেইবা হাজাৰ কিঃগ্ৰাঃ ধানসহ এখন ট্ৰাক নিৰুদ্দেশঃ বকলীয়াঘাটৰ পৰা গুৱাহাটীলৈ নি আছিল ধানখিনি

বোকাজান, ১৮ নৱেম্বৰঃ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটস্থিত এটা ধান কলৰ পৰা কেইবা হাজাৰ কিঃগ্ৰাঃ ধানসহ এখন ট্ৰাক চালকসহ নিৰুদ্দেশ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, বকলীয়াঘাটৰ দুই নং উদালিস্থিত কমলা ৰাইচ ইণ্ডাষ্ট্ৰীৰ জৰিয়তে ধান-চাউলৰ ব্যৱসায় চলাই থকা গিৰিধাৰীলাল শৰ্মাৰ ধান কলৰ পৰা যোৱা ১৫ নৱেম্বৰত চালকসহ এখন ধানভৰ্তি ট্ৰাক নিখোজ হৈ পৰে। আজি ব্যৱসায়ী গিৰিধাৰীলাল শৰ্মাই বকলীয়াঘাট থানাত দাখিল কৰা এক এজাহাৰ অনুসৰি যোৱা ১৫ নৱেম্বৰত বকলীয়াঘাটৰ কমলা ৰাইচ ইণ্ডাষ্ট্ৰীৰ পৰা এএছ-১৭-চি-৪১৫৯ নম্বৰৰ এল পি টি ট্ৰাকখনেৰে গুৱাহাটীৰ মহালহ্মী ৱেলমেন ফুডলৈ মুঠ ২৪,৫৮০ কিঃগ্ৰাঃ ধান প্ৰেৰণ কৰা হয়। লক্ষণীয়ভাৱে, তিনিদিন পূৰ্বে প্ৰেৰণ কৰা ধানসহ ট্ৰাকখন আজি পৰ্যন্ত লক্ষ্যস্থানত উপস্থিত নোহোৱাৰ লগতে তেতিয়াৰে পৰা বৰ্তমান পৰ্যন্ত ধনসহ ট্ৰাকখন সম্পূৰ্ণৰূপে সন্ধানহীন হৈ পৰে। ট্ৰাকখনৰ লগতে চালক ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত টিলাপাৰাৰ ৰহিম আলী নামৰ চালকজনো সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ইফালে, বিগত তিনি দিন ধৰি ৰহস্যজনক ভাৱে ধানসহ ট্ৰাকখন সন্ধানহীন হৈ থকাৰ সন্দৰ্ভত ট্ৰাকখনৰ চালকজনৰ বিৰুদ্ধে বকলীয়াঘাটৰ কলমা ৰাইচ ইণ্ডাষ্ট্ৰীৰ স্বত্ত্বাধিকাৰী গিৰিধাৰীলাল শৰ্মাই বকলীয়াঘাট থানাত এক এজাহাৰ দাখিল কৰিছে। ব্যৱসায়ীগৰাকীৰ অভিযোগৰ ভিত্তিত বকলীয়াঘাট আৰক্ষীয়ে ৫৯/২০২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।



No comments