Breaking News

বৰপথাৰৰ দপথাৰত প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভণী


ধনশিৰি , ৬ অক্টোবৰঃ গোলাঘাট জিলাৰ বৰপথাৰৰ দপথাৰ হাইস্কুল খেলপথাৰত আজিৰ পৰা আৰম্ভ হয় এখনি প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা।প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম গৌৰৱ তথা সদ্য অলিম্পিকৰ পদক জয়ী লাভলীনা বৰগোঁহাইৰ পিতৃ তথা পূব-বৰপথাৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য টিকেন বৰগোঁহায়ে।উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে কিছুদিন আগতে অকাল দুৰ্ঘটনাত মৃত্যু হোৱা বৰপথাৰ অঞ্চলৰে ৰাজ্যিক পৰ্যায়ৰ ফুটবল ৰেফাৰী হেম ফুকনৰ আত্মাৰ সদগতিৰ অৰ্থে ১ মিনিট মৌন ব্ৰত পালন কৰাৰ উপৰিও স্থানীয় মহিলাসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়। ইয়াৰ আগেয়ে প্ৰতিযোগিতাৰ পতাকা উত্তোলন কৰে খেল পৰিচালনা সমিতিৰ সভাপতি জ্ঞানজ্যোতি দুৱৰাই।স্মৃতি তৰ্পণ কৰে দপথাৰ হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক পোণাৰাম শইকীয়া,বৃক্ষৰোপন কৰে স্থানীয় সমাজসেৱক পোণা গোঁহাই আৰু দপথাৰ হাইস্কুলৰ প্ৰধান শিক্ষক খগেন ফুকনে। আজিৰ উদ্ধোধনী খেল খনত চাওদাং পথাৰ ফুটবল একাদশে গেলাবিল ডলফিন ফুটবল একাদশক ৩-১ গলৰ ব্যৱধানত পৰাজিত কৰে।আজিৰ খেলখন পৰিচালনা কৰাত ৰেফাৰী পুলীন শইকীয়াক সহায় কৰে অভিজিৎ বৰদলৈ আৰু ৰঞ্জন ঠেঙালে।



No comments