Breaking News

বকলীয়াঘাটত বুজন পৰিমাণৰ চোৰাং কাঠ জব্দঃ আটক দহ চোৰাং কাঠ সৰবৰাহকাৰী

বোকাজান, ৩১ অক্টোবৰঃ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত যোৱা নিশা বন বিভাগে চোৰাং কাঠ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে দহজনকৈ চোৰাং কাঠ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, শেহতীয়াকৈ চোৰাং কাঠৰ ব্যাপক অভিযান অব্যাহত ৰখা বন বিভাগৰ নৰ্দাৰ্ণ ৰেঞ্জৰ বকলীয়াঘাটস্থিত কাৰ্যালয়ৰ সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে হোজাই-কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী এলেকাত চোৰাং কাঠৰ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অভিযান চলায়। উক্ত অভিযানত অভিযানকাৰী বনকৰ্মীৰ দলটোৱে সীমান্তৱৰ্তী এলেকাৰ লগতে ৰজাপথাৰ তিনিআলিৰ পৰা দুখনকৈ চোৰাং কাঠভৰ্তি টাটা মোবাইল জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা বাহন দুখনৰ নম্বৰ ক্ৰমে এএছ-০১-বিচি-৮২১৯ আৰু এএছ-০৮-৬২০৪  বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, কাৰ্বি আংলঙৰ পৰা চোৰাংকৈ গঢ়ি উঠা কাঠেৰে চুবুৰীয়া জিলাত কেতবোৰ অবৈধ কাঠফলা মিল গঢ় লৈ উঠাৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও সম্প্ৰতি দুয়োখন জিলাৰ সীমান্ত 'ছীল' কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি বন বিভাগৰ সূত্ৰই সদৰি কৰিছে। জব্দ হোৱা কাঠখিনিৰ বজাৰ মূল্য কমেও প্ৰায় এক লাখ টকা। ধৃত কাঠ চোৰকেইটা ক্ৰমে বকলীয়াঘাট কংজুক আথৈ নিবাসী বিজু ইংহি(৩০), ৰিচিম বে (৩২), চাৰছিং ইংতি(২৮), সঞ্জয় তেৰাং(২৬), ধৰ্মেন টকবি(৩০), লংনিট জিৰকা ইংতি গাঁৱৰ চেমচন ৰংফাৰ(২৫), কাজিৰঙা দিৰিংলাংছৰ চেমচন ক্ৰামছা(২৭), বকলীয়াঘাট পূব শিলপোতাৰ জীতেন ফাংছ(৩৩), চকীহোলা কয়লামাটিৰ চাৰছিং ৰংপি(২৮) আৰু বকলীয়াঘাট জী লাংছৰ বিজয় তিমুং (২৮) বুলি চিনাক্ত কৰা হৈছে।




No comments