Breaking News

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত অন্ন মহোৎসৱ সম্পন্ন

ধনশিৰি, ২২ অক্টোবৰঃ ধনশিৰি মহকুমাৰ অন্তৰ্গত দক্ষিণ বৰপথাৰ সমবায় সমিতিৰ কাৰ্যালয়ত আজি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত অন্ন মহোৎসৱ পালন কৰা হয়।এই উপলক্ষে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত  শতাধিক দুখীয়া গ্ৰাহকৰ সুবিধাৰ্থে চাউল নিবৰ বাবে একোটাকৈ মোনা বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত খাদ্য আৰু যোগান পৰিক্ৰমা বিভাগৰ সহকাৰী সঞ্চালক আদিত্য দোলাকাষৰীয়া, কিষাণ মৰ্চাৰ ৰাজ্যিক সদস্য সঞ্জীৱ বৰুৱা, গোলাঘাট কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক হৰেণ গগৈ, দক্ষিণ বৰপথাৰ সমবায় সমিতিৰ সভাপতি জগত বূঢ়াগোহাই, সম্পাদক ৰজত কুমাৰ শৰ্মা, বাকী অন্যান্য সমিতিৰ সদস্যকে প্ৰমুখ্য কৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। 






No comments