Breaking News

বীৰ ছহিদ গোতম কোচৰ নামেৰে বিদ্যালয়ৰ নামাকৰণৰ নিৰ্দেশ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ

বোকাজান, ২০ অক্টোবৰঃ সশস্ত্ৰ উগ্ৰপন্থীৰ বিৰুদ্ধে অসীম সাহসেৰে যুঁজ দি প্ৰাণ আহুতি দিয়া বীৰ ছহিদ কীৰ্তি চক্ৰ গৌতম কোচৰ নামেৰে নামাকৰণ হ'ব কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ এখন বিদ্যালয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাথমিক শিক্ষা বিভাগে এটা নিৰ্দেশনাযোগে এই কথা ঘোষণা কৰিছে। স্মৰ্তব্য যে, ২০১৪ চনৰ ২৩ জুনৰ পুৱতি নিশা কাৰ্বি আংলং জিলা আৰক্ষীয়ে জিলাখনৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী ধনশিৰি উপ-আৰক্ষী চকীৰ অন্তৰ্গত ৰামছিং হাঞ্চে গাঁৱত উগ্ৰপন্থী সংগঠন ইউপিএলএৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষীৰ অভিযানৰ উমান পাই উক্ত স্থানত আত্মগোপন কৰি থকা উগ্ৰপন্থীৰ দলটোৱে আৰক্ষীৰ দলটোলৈ লক্ষ্য কৰি ধাৰাসাৰে গুলীচালনা কৰাত ২৩ নং আইআৰবিএনৰ জোৱান তথা জিলাখনৰ বকলীয়াঘাটৰ বালিজান গাওঁৰ গৌতম কোচৰ মূৰত গুলী লগাত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁক ততালিকে চিকিৎসাৰ ব্যৱস্থা কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দি অসীম সাহসৰ পৰিচয় দিয়া বীৰ জোৱানজনক পিছত ভাৰত চৰকাৰৰ তৰফৰ পৰা মৰণোত্তৰভাৱে "কীৰ্তি চক্ৰ" সন্মান প্ৰদান কৰা হয়।

 

দেশৰ বাবে যুঁজ দি মৃত্যুবৰণ কৰা বীৰ ছহিদগৰাকীৰ প্ৰতি সন্মান জনাই শেহতীয়াকৈ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা গোতম কোচে পূৰ্বে অধ্যয়ন কৰা বালিজান প্ৰাথমিক বিদ্যালয়খনৰ নাম সলনি কৰি বীৰ ছহিদগৰাকীৰ নামেৰে "১ নং বালিজান বীৰ ছহিদ কীৰ্তিচক্ৰ গৌতম কোচ সোঁৱৰণী বিদ্যালয়" নামেৰে নতুনকৈ নামাকৰণ কৰাৰ নিৰ্দেশনা দিছে। উগ্ৰপন্থীৰ বিৰুদ্ধে হোৱা যুঁজত বীৰ জোৱানগৰাকীয়ে প্ৰদৰ্শন কৰা অদম্য সাহস, দৃঢ়তা আৰু চৰম ত্যাগৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত লোৱা হৈছে বুলি চৰকাৰী নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। লগতে উক্ত নিৰ্দেশনাত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যয়ো অনুমোদন জনোৱা বুলি উল্লেখ আছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে অসম আৰক্ষীৰ উদ্যোগত গৌতম কোচে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা বালিজান প্ৰাথমিক বিদ্যালয়ত ছহিদগৰাকীৰ স্মৃতিত এখন তোৰণ আৰু চৌহদৰ দেৱাল নিৰ্মাণ কৰি সন্মান প্ৰদৰ্শন কৰিছিল। তেতিয়াৰ কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী উপস্থিত থাকি তোৰণখন উদ্ধোধন কৰিছিল।





No comments