কাৰ্বি পাহাৰত কাৰ্বি শান্তি চুক্তিক বিপুল আদৰণিঃ চুক্তিৰ সকলো দফা আখৰে আখৰে পালন কৰিবলৈ চৰকাৰক আহ্বান
হাওৰাঘাট, ৬ ছেপ্টেম্বৰঃ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদ আৰু তিনি কাৰ্বি বিদ্ৰোহী সংগঠন ক্ৰমে কেএলএনএলএফ, পিডিচিকে ,ইউপিএলএ আৰু কেপিএলটি সংগঠনৰে সৈতে সৈতে দিল্লীত ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰ কৰি কাৰ্বি আংলঙলৈ উভতাৰ সময়ত আজি দিনৰ এক মান বজাত পাৰখোৱা,শিলধৰমপুৰ ,লাংহিন,তাৰাবছা, চেন্টাৰ বজাৰ আদি বিভিন্ন ঠাইত কাৰ্বি বিদ্ৰোহী সংগঠনৰ নেতৃত্বক বিপুল আদৰণি জনোৱা হয় । কাৰ্বি বিদ্ৰোহী সংগঠনক বিভিন্ন দল, সংগঠনে আদৰণি জনোৱাৰ সময়ত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উগ্ৰপন্থী সংগঠনটোৰ এগৰাকী নেতাই শান্তি চুক্তি স্বাক্ষৰিত কৰি আমি বহুত সুখী বুলি মন্তব্য কৰাৰ লগতে এই চুক্তিৰ জৰিয়তে কাৰ্বি আংলঙৰ সকলোধৰণৰ সমস্যা সমাধান হ'ব বুলি আশা প্ৰকাশ কৰে । ভাৰত চৰকাৰক চুক্তিৰ সকলো দফা আখৰে আখৰে পালন কৰিবলৈও চৰকাৰক আহ্বান জনাইছে । ইপিনে কিছুমান সংগঠনে এই শান্তি চুক্তিক বিৰোধিতা কৰি ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰা সন্দৰ্ভত অস্তিত্ব নথকা সংগঠনসকলেহে এই চুক্তিক বিৰোধিতা কৰা বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ।


No comments