মোবাইল ৰিচাৰ্জৰ বাবে নবৌয়েকক হত্যাঃ আটক দেওৰেক
বোকাজান, ২০ ছেপ্তেম্বৰঃ ঘৰুৱা হিংসাৰ পৰিণতিত যোৱা নিশা কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, যোৱানিশা বকলীয়াঘাট থানাৰ অন্তৰ্গত ৰজাপথাৰ তিনিআলিত মোবাইল ফোনত ৰিচাৰ্জ কৰাৰ কোনো বিষয়ক কেন্দ্ৰ কৰি বিষ্ণু বৰ্মন নামৰ লোকজনে নিজৰ নবৌয়েক মায়াৰাণী বৰ্মনৰ সৈতে কাজিয়াত লিপ্ত হয়। কাজিয়াই ক্ৰমাৎ চৰম ৰূপ ধাৰণ কৰাত উন্মাদৰ ৰূপ লোৱা বিষ্ণু বৰ্মনে এখন চিপ্ৰাঙেৰে মহিলাগৰাকীৰ মূৰত উপৰ্যূপৰি প্ৰহাৰ কৰে। দেওৰেকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত মহিলাগৰাকীয়ে নিজ গৃহতে পিছত মৃত্যুক সাৱতি লয়। দেওৰেকৰ প্ৰহাৰত মৃত্যু হোৱা মহিলাগৰাকীক কোনোধৰণৰ চিকিৎসাও প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে। হত্যাকাণ্ড সংঘটিত কৰিয়েই ঘাতক বিষ্ণু বৰ্মনে পলায়নৰ চেষ্টা কৰে যদিও ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে ঘাতক বিষ্ণুক আটক কৰিবলৈ সক্ষম হয়। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, দুটা কণ কণ সন্তানৰ মাতৃ মায়াৰাণী বৰ্মনৰ হত্যাকাণ্ডৰ সময়ত স্বামী কৰ্মসূত্ৰে নাগালেণ্ডৰ ডিমাপুৰত আছিল বুলি জানিব পৰা গৈছে।
No comments