সৰুপথাৰৰ খৰাং পীড়িত কৃষকক ক্ষতিপূৰণ দিয়াৰ প্ৰ-প্ৰত্ৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভৰ নিৰ্দেশ
ধনশিৰি, ১৬ ছেপ্তেম্বৰঃ সৰুপথাৰৰ বিস্তীৰ্ণ অঞ্চলত প্ৰায় পোন্ধৰ হাজাৰ কৃষক পৰিয়াল আছে। পৰ্যাপ্ত বৰষুণৰ অভাৱত সৰুপথাৰৰ বিস্তীৰ্ণ অঞ্চল তীব্র খৰাঙৰ কৱলত পৰিছে । বহু কৃষকে খেতি পথাৰত পানীৰ অভাৱত হাল বাব পৰা নাই। যি সকলে খেতি কৰিছিল পানীৰ অভাৱত পথাৰত চিৰাল ফাঁট মেলিছে।ৰোৱা ধান প্ৰখৰ ৰ'দত নষ্ট হৈ গৈছে। অসম চৰকাৰৰ কেবিনেটে ১৭ জুলাই তাৰিখে সৰুপথাৰক খৰাং পীড়িত অঞ্চল হিচাপে ঘোষণা কৰিছে। ক্ষতিগ্রস্থ কৃষকক এককালীন আৰ্থিক সাহায্য প্ৰদানৰ বাবে কেইবা কোটি টকা আৱন্টন কৰিছে। আজি সৰুপথাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সৰুপথাৰস্থিত গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ সভাকক্ষত ধনশিৰি মহকুমাৰ প্ৰশাসন, বনবিভাগ, কৃষি বিভাগ, ৰাজহ চক্র বিষয়া, স্থানীয় গাওঁবুঢ়া, স্থানীয় কৃষকৰ সৈতে এক আলোচনাত মিলিত হয়। সৰুপথাৰৰ খৰাং পীড়িত কৃষকক ক্ষতিপূৰণ দিবৰ বাবে প্ৰ-প্ৰত্ৰ বিতৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰ-পত্ৰসমূহ বিভাগীয় কতৃপক্ষৰ পৰা সংগ্রহ কৰি পূৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব।
No comments