Breaking News

ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন SOP: সন্ধিয়া ৬.০০ বজালৈ খোলা থাকিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান

🔶ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন SOP

🔶স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে নতুন নীতি-নিৰ্দেশনা

🔶১৮ আগষ্ট পুৱা ৫.০০ বজাৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নীতি-নিৰ্দেশনা 

🔶সমগ্ৰ ৰাজ্যত এঘণ্টালৈ শিথিল হ'ব নৈশ সান্ধ্য আইন

🔶সকলো জিলাতে নিশা ৭ বজাৰ বলবত্ হ’ব সান্ধ্য আইন

🔶পুৱা ৫ বজালৈ বলবত্ থাকিব সান্ধ্য আইন

🔶সন্ধিয়া ৬.০০ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল, ৰেষ্টুৰেণ্ট, ধাবা, ব্যৱসায়িক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব'ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান

🔶কামৰূপ (মহানগৰ) জিলাৰ বাদে আন জিলাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ ব্যক্তিগত যান-বাহনেৰে আন্তঃ জিলা যাতায়তত অনুমতি প্ৰদান

🔶ৰাজহুৱা পৰিবহন/যাত্ৰী পৰিবাহী বাহনেৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব নিষেধাজ্ঞা

🔶বাতিল কৰা হৈছে দৈনিক যুগ্ম-অযুগ্ম সংখ্যাৰ (Odd-Even Numbers) বাহন চলাচলৰ নিয়ম 

🔶বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত সৰ্বাধিক ২৫ গৰাকী লোকে ভাগ ল'ব পাৰিব

🔶মৃতকৰ অন্তিম সৎকাৰত ভাগ ল'ব পাৰিব সৰ্বাধিক ২৫ গৰাকী লোকে

🔶ধৰ্মীয় স্থানত সৰ্বাধিক ১০ গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি প্ৰদান

🔶পৱিত্ৰ ভাদ মাহ উপলক্ষে ৰাজ্যৰ নামঘৰসমূহত নামকীৰ্তনৰ বাবে নামঘৰৰ ৫০ শতাংশ সমাবেশ ক্ষমতাৰ ভক্ত-মহিলাৰ সমাবেশত অনুমতি

🔶ক'ভিড প্ৰট'কল মানিহে ভাদ মাহৰ নামকীৰ্তনত ভাগ ল'ব পাৰিব

🔶মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত  সৰ্বাধিক ২০০ গৰাকী লোকে ভাগ ল'ব পাৰিব

🔶প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহৰ দৰে  আৱদ্ধ কক্ষত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসনৰ ৫০ শতাংশ আসনৰ সংখ্যাৰ লোকৰ অংশগ্ৰহণতহে অনুমতি থাকিব

🔶দুয়ো পালি ক'ভিড প্ৰতিষেধক লোৱা ব্যক্তিয়ে এনে অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব

🔶৫০ শতাংশ আসনৰ গ্ৰাহকেৰে সন্ধিয়া ৬.০০ বজালৈকে খোলা ৰাখিব পাৰিব ৰিজ'ৰ্ট, হোটেল, ধাবাসমূহ

🔶বন্ধ থাকিব চিনেমা হল

🔶ক'ভিড প্ৰতিষেধক লোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীসকল নিয়মীয়াকৈ আহিব লাগিব কাৰ্যালয়লৈ

🔶৩ বছৰৰ তলৰ শিশু থকা মহিলা চৰকাৰী কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব পাৰিব

🔶এমবিবিএছৰ চূড়ান্ত বৰ্ষ, বিএছচি নাৰ্ছিঙৰ চূড়ান্ত বৰ্ষ, ইঞ্জিনিয়াৰিঙৰ চূড়ান্ত বৰ্ষ আৰু জিএনএমৰ তৃতীয় বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰিব পাৰিব

🔶এৰোনটিকেল ইঞ্জিনিয়াৰিং ইন্সটিটিউটত শ্ৰেণীকোঠাৰ পাঠদান পৰ্ব মুকলিৰ বাবে বিশেষ অনুমতি প্ৰদান









 

No comments