Breaking News

আমগুৰি পৌৰসভাৰ অন্তৰ্গত কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন অনুষ্ঠান

আমগুৰি, ২৫ আগষ্টঃ  অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদ-আমগুৰি বিধান পৰিষদৰ সৌজন্যত আমগুৰি সমষ্টিৰ অন্তৰ্গত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক বিধায়ক প্ৰদীপ হাজৰিকাৰ স্বাক্ষৰ সম্বলিত সম্বৰ্ধনা পত্ৰ প্ৰদানেৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ আমগুৰি পৌৰসভাৰ অন্তগৰ্ত  ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা প্ৰদান কৰা উক্ত কাৰ্যসূচীত অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ৷ অগপৰ ছাত্ৰ সংগঠনটোৰ এই পদক্ষেপক আমগুৰি সমষ্টিৰ ৰাইজে ভূয়সী প্ৰশংসা কৰা দেখা গৈছে ।





No comments