Breaking News

মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত সৰুপথাৰত ৰক্তদান শিৱিৰ

ধনশিৰি, ১৪ আগষ্টঃ আজি সৰুপথাৰ হনুমান মন্দিৰ প্ৰাঙ্গনত সৰুপথাৰ মাৰোৱাৰী যুৱ মঞ্চই এক মহান উদ্দেশ্য আগত ৰাখি গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ সহযোগত এক ৰক্তদান শিৱিৰৰ আয়োজন কৰে। পুৱা ১০ বজাৰ পৰা আৰম্ভ কৰা এই ৰক্তদান শিৱিৰত সৰুপথাৰ অঞ্চলৰ বহু সংখ্যক লোকে ৰক্তদান কৰি মহানতাৰ পৰিচয় দিয়ে। সৰুপথাৰ মাৰোৱাৰী যুৱ মঞ্চটিয়ে মাজে সময়ে এনেধৰণৰ বহু মুল্যবান কাম কৰি সমাজ সেৱা অব্যাহত ৰাখিছে।




No comments