Breaking News

কাৰ্বি আংলং-মেঘালয় সীমান্তৰ সীমা সমস্যাক লৈ উদ্বিগ্ন কাৰ্বি ছাত্ৰ সন্থাঃ সংবাদমেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ লাইছান ইংলেঙৰ

ডিফু, ৬ আগষ্টঃ অৱশেষত অসম-মেঘালয় সীমান্তৰ কাৰ্বি আংলঙৰ ভূমিত মেঘালয়ৰ দখলক লৈ উদ্বিগ্ন হৈ পৰিছে কাৰ্বি ছাত্ৰ সন্থা চমুকৈ কেএছএই ৷ আজি ডিফু-লামডিং ৰোডস্থিত কেএছএৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলত এই কথা সদৰি কৰে কেএছএৰ উপদেষ্টা লাইচান ইংলেঙে ৷ প্ৰথমতে অসম-মিজোৰাম সীমান্তত সংঘটিত অসমৰ আৰক্ষী জোৱানক কৰা বৰ্বৰ হত্যাকাণ্ডৰ তীব্ৰ গৰিহণা দিয়ে কেএছএৰ শীৰ্ষ নেতাগৰাকীয়ে ৷ অসম- মেঘালয়ৰ সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত "দিয়া-লোৱা" সন্দৰ্ভত আলোচনাৰ পিছতে পশ্চিম কাৰ্বি আংলং জিলাৰ চিনথং সমষ্টিৰ ব্লক ১ আৰু ব্লক ২ত  কাৰ্বিৰ লগতে বিভিন্ন জনগোষ্ঠীৰ প্ৰায় ২২ টা জনগোষ্ঠীৰ গাৱঁত মেঘালয়ে বেদখলৰ চেষ্টা চলাইছে বুলি অভিযোগ কৰে লাইচান ইংলেঙে ৷ মেঘালয়ৰ এনে চেষ্টাক কেএছএৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে ঐক্যবদ্ধভাবে বাধা প্ৰদান কৰিছে ৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মেঘালয়ৰ মুখ্যমন্ত্ৰী সীমা সমস্যাক লৈ "দিয়া-লোৱা" নীতিৰে আলোচনা হ'লেও কাৰ্বি আংলঙৰ ১ ইঞ্চি ভূমিও যাতে মেঘালয়ক দি দিয়া নহয় তাৰ প্ৰতি সতৰ্ক কৰি দিয়ে নেতাগৰাকীয়ে ৷ ইয়াৰোপৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সততে বুকু ফিন্দাই কৈ অহা "কাৰ্বি আংলঙৰ ১ ইঞ্চি ভূমি কাকো এৰি দিয়া নহ'ব" বুলি কোৱা কথাষাৰৰ মৰ্যদা অটুট ৰাখিবলৈ আহ্বান জনাইছে ৷ মেঘালয়ে কাৰ্বি আংলঙৰ ভূমিত এনেদৰে আগ্ৰাসন অব্যাহত ৰাখিলে ১ ইঞ্চিৰ পৰিৱৰ্তে কাৰ্বি আংলঙৰ বহু ভূমিখণ্ড মেঘালয়ৰ হাতলৈ যাব পাৰে বুলি শংকিত হৈছে কেএছএই ৷ কাৰ্বি আংলং-মেঘালয় সীমান্তৱৰ্তী ২৬ খনকৈ কাৰ্বি আংলঙৰ গাঁৱত মেঘালয়ৰ লোকে বিভিন্ন নিৰ্মাণ কাৰ্যও চলাইছে বুলি অভিযোগ কৰে নেতাগৰাকীয়ে। কাৰ্বি আংলঙৰ ভূমিত মেঘালয়ৰ আগ্ৰাসনৰ এনে কুটিল ষড়যন্ত্ৰ কেতিয়াও সহ়্য নকৰে বুলি কেএছএই মেঘালয় চৰকাৰক সকিয়াই দিয়ে, লগতে মেঘালয়ৰ আগ্ৰাসনৰ বিৰুদ্ধে কেএছএই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ৷ কেএছএৰ উপদেষ্টা লাইচান ইংলেঙে অসম চৰকাৰ, মেঘালয় চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদক উল্লেখিত অসম-মেঘালয় সীমা সমস্যাক লৈ আলোচনাত বহিবলৈ আহ্বান জনায় আৰু কাৰ্বি আংলঙৰ ১ ইঞ্চি ভূমিও যাতে মেঘালয়ত অন্তৰ্ভূক্ত নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে ৷



No comments