তীৰ্থযাত্ৰীসকলৰ বাবে বিশেষ পৰ্যটক ৰে'ল "প্ৰাণৱন্ত গোৱা": ডিফুত সংবাদমেল যোগে ঘোষণা কৰ্তৃপক্ষৰ
ডিফু, ৫ আগষ্টঃ উত্তৰ-পূৱ ভাৰতৰ তীৰ্থযাত্ৰীসকলৰ বাবে উত্তৰ-পূৱ ৰে'লৱেৰ তৰফৰ পৰা তীৰ্থযাত্ৰীসকলৰ বাবে এক বিশেষ পেকেজসহ এখন ৰে'লৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে ৷ উত্তৰ-পূৱ ৰে'লৱেৰ ইণ্ডিয়ান ৰে'লৱে' কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেশ্যন লিমিটেড চমুকৈ আইআৰচিটিচিৰ উদ্যোগত আজি ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলত ৰে'ল বিভাগে তীৰ্থযাত্ৰীসকলৰ বাবে গ্ৰহণ কৰা এই ব্যৱস্থা সন্দৰ্ভত সবিস্তাৰে আলোচনা কৰা হয় ৷ সংবাদমেলত বিশেষ পৰ্যটক ৰে'লখনৰ সবিশেষ উল্লেখ কৰি কয় যে, "তীৰ্থযাত্ৰী বিশেষ পৰ্যটক ৰে'ল" শীৰ্ষক ৰে'লখনৰ জৰিয়তে 'প্ৰাণৱন্ত গোৱা'(ভাইভ্ৰেণ্ট গোৱা) শীৰ্ষক এক পেকেজ মুকলি কৰি দিয়া হৈছে ৷ অহা ত্ৰিশ ছেপ্তেম্বৰত ত্ৰিপুৰাৰ আগৰতলাৰ পৰা গুৱাহাটী, নিউ জলপাইগুৰী হৈ ৰে'লখনে গোৱাত উপস্থিত হ'বগৈ ৷ উক্ত ৰে'লযোগে গোৱা ভ্ৰমণত যোৱা ৰে'লযাত্ৰীসকলে চাৰিদিন আৰু তিনিটা নিশা গোৱাত থকাৰ লগতে গোৱাৰ আকৰ্ষণীয় পৰ্যটনথলীসমূহ ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব ৷ সৰ্বাধিক ছশ যাত্ৰী যাব পৰা ৰেলখনত শ্লীপাৰ আৰু শীত-তাপ নিয়ন্ত্ৰিত দুয়োটা ব্যৱস্থাৰে যাত্ৰীসকলে ভ্ৰমণ কৰাৰ ব্যৱস্থা থাকিব বুলি সংবাদমেলত উল্লেখ কৰা হয় ৷ যাত্ৰীসকলৰ বাবে প্ৰতিটো দবাতে নিৰাপত্তাৰ ব্যৱস্থাও ৰখা হ'ব ৷ যাত্ৰীসকলে আগৰতলাৰ পিছতে বদৰপুৰ, লামডিং, গুৱাহাটী, নিউ বঙাইগাওঁ, নিউ কোচবিহাৰ, নিউ জলপাইগুৰি আৰু মালদাত ৰে'লত উঠিব পাৰিব ৷শ্লীপাৰ শ্ৰেণীৰ যাত্ৰীসকলৰ বাবে ভাড়াৰ মূল্য ১১,৩৪০ টকা হোৱাৰ বিপৰীতে শীত-তাপ নিয়ন্ত্ৰিত দবাৰ যাত্ৰীসকলৰ বাবে টিকটৰ মূল্য ১৮,৯০০ টকা ৷ এই মূল্যৰ ভিতৰতে যাত্ৰী সকলৰ অহা-যোৱা, থকা-মেলা ফুৰা-চকা যাত্ৰী বীমাকে ধৰি সকলো ব্যয় অন্তৰ্ভুক্ত কৰা হৈছে বুলি সংবাদমেলত অৱগত কৰা হৈছে ৷ যাত্ৰীসকলে টিকটৰ বাবে আইআৰচিটিচিৰ ৱেবছাইটযোগে অথৱা আইআৰচিটিচি অনুমোদনপ্ৰাপ্ত টিকট এজেণ্টৰ পৰাও এই টিকট সংগ্ৰহ কৰিব পাৰিব ৷ ত্ৰিছ ছেপ্তেম্বৰত আগৰতলাৰ পৰা যাত্ৰা আৰম্ভ কৰি পুনৰ ১১ অক্টোবৰত আগৰতলাত যাত্ৰাৰ সামৰণি মাৰিবলগীয়া এই যাত্ৰাত যাত্ৰীসকলে গোৱাৰ আকৰ্ষণীয় পৰ্যটন ক্ৰমে, দোনা পাওলা, কালানগুট, বাঘা, মীৰামাৰ বীচ্চ, ফৰ্ট আগুৱাডা, বাচিলিকা অৱ বম জেচাচ, চি কেথেড্ৰল, কোলভা বীচ্চ, মাংগেচি টেম্পল, ছাণ্টা দুৰ্গা টেমপুল, বাগা বীচ্চ মাদগাওঁ মাৰ্কেট আদি দৰ্শনৰ সুযোগ লাভ কৰিব ৷
No comments