Breaking News

টাইপাৰ শিৱসাগৰ জিলা সমিতি আৰু নামতি আঞ্চলিক সমিতিৰ উদ্যোগত ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচীৰ ৰূপায়ন

শিৱসাগৰ, ২২ আগষ্টঃ ক'ভিড ভেকচিনৰ বাবে বিশেষকৈ গ্ৰামাঞ্চল সমুহত সমস্যাই দেখা দি থকাৰ সময়তে গ্ৰামাঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে  আমগুৰিৰ নামতি আলি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত আৰু টাইপাৰ শিৱসাগৰ জিলা সমিতিৰ সহযোগত আৰু নামতি আঞ্চলিক সমিতিৰ উদ্যোগত নামতি ধেপৰ গাঁওৰ চ্যুকাফা টাই একাডেমীত কালি এক ক'ভিড ভেকচিন কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই কাৰ্যসূচীত ৩০০ শ ৰো অধিক লোকে আহি ভিকচিন লোৱা পৰিলক্ষিত হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি সম্বৰ্ধনা  সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতি সম্পাদক মানচাওঁ দিগন্ত তামুলী ডাঙৰীয়া। উক্ত সভাত দিগন্ত তামুলীয়ে মহামাৰী ক'ভিডৰ লগতে কভিড পৰিস্থিতিৰ ওপৰত বক্তব্য প্ৰদান কৰে। লগতে এই সভাত উপস্থিত থাকে শিৱসাগৰ জিলা সমিতি উপ সভাপতি মানচাওঁ মানবেন্দ্ৰ গগৈ। টাইপাৰ এনে প্ৰশংসনীয় পদক্ষেপক স্থানীয় ৰাইজে ভুয়সী প্ৰশংসা কৰিছে।



No comments