আজি শিৱসাগৰত উপস্থিত হয় বিধায়ক অখিল গগৈঃ সমষ্টিত আনন্দৰ বন্যা
শিৱসাগৰ, ০২ জুলাইঃ আজি সংগ্ৰামী নেতা তথা ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ বহু অপেক্ষাৰ অন্তত বিয়লি প্ৰায় ৪-১৫ বজাত শিৱসাগৰত উপস্থিত হয়হি। বিধায়ক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে নিজ সমষ্টিত উপস্থিত হোৱাৰ পাছতে ৰাইজ আৰু দলীয় কৰ্মীসকলৰ মাজত দেখা গ’ল আনন্দৰ বন্যা। শিৱসাগৰৰ মাটিত ভৰি দিয়েই জনপ্ৰিয় নেতাজন প্ৰথমে ৰংঘৰ বাকৰিলৈ যায়। বিভিন্ন অনুষ্ঠানে সম্বৰ্ধনা জনোৱাৰ পাছতে তেওঁ ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে, মুখ্যমন্ত্ৰীৰ সমষ্টিত যদি উন্নয়ন সম্ভৱ হ’ব পাৰে, শিৱসাগৰত কিয় উন্নয়ন নহ’ব। লগতে তেওঁ ঐতিহাসিক শিৱসাগৰক বিশ্বৰ ঐতিহ্যমণ্ডিত থলী হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে তথা দেশী-বিদেশী পৰ্যটকৰ এক আকৰ্ষণীয় স্থলীলৈ ৰূপান্তৰ কৰাৰ বাবে কাম কৰিব বুলি কোৱাৰ উপৰিও শিৱসাগৰত কেতিয়াও দুৰ্নীতিক প্ৰশ্যয় দিয়া নহ'ব বুলি আশ্বাস প্ৰদান কৰে। আনকি ৰাইজৰ দলৰ মাজতো যদি কোনোবা অসৎ কৰ্মী আছে তেওঁলোককো ঠিকাদাৰৰ নামত কমিছন আৰু দুৰ্নীতি কৰিবলৈ দিয়া নহ’ব। শিৱসাগৰৰ অন্যতম ঐতিহ্য ৰংঘৰলৈ সেৱা জনোৱাৰ পাছতে তেওঁ ৰংঘৰৰ পৰা প্ৰায় ২০ মিটাৰ দূৰত থকা ৰাইজৰ দলৰ কাৰ্যালয়ত উপস্থিত হয়। দলীয় কৰ্মীসকলেও তেওঁক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ পাছতে বক্তব্য আগবঢ়ায়।

No comments