Breaking News

আজি শাওন মাহৰ প্ৰথমটো সোমবাৰঃ নিস্তব্ধ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল

শিৱসাগৰ, ১৯ জুলাইঃ আজি পবিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰ । শিৱভক্ত সকলৰ বাবে এক মহত্বপূৰ্ণ দিন । প্ৰতিবছৰে শাওন মাহৰ প্ৰথমটো সোমবাৰে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত শৰাই আগবঢ়াই ভগৱান শিৱৰ আৰ্শীবাদ কামনা কৰে ভক্তই, যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিৱ মন্দিৰ সমুহৰ লগতে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত জিলাখনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যথেষ্ট সংখ্যক ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয় । বৰ্তমানৰ ক'ভিড পৰিস্থিতিত ৰাজ্যৰ সকলো দৌল, দেৱালয়, মঠ মন্দিৰ লগতে ভক্তৰ বাবে দুৱাৰ বন্ধ হৈ আছে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ । যাৰ বাবেই পবিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰৰ দিনটোত নাম কীৰ্তনৰ ধ্বনিৰে মুখৰিত হৈ থকা শিৱদৌলত আজি বিৰাজ কৰিছে নিমাওমাও পৰিবেশ । উল্লেখ্য যে, শিৱসাগৰৰ শিৱদৌল উন্নয়ন সমিতিয়ে ক'ভিড পৰিস্থিতিৰ বাবে চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনা মানি স্থগিত ৰাখিছে দৌলৰ সকলো পূজা অৰ্চনা, নাম কীৰ্তন । বন্ধ কৰি ৰাখিছে দৌলৰ মুখ্য দুৱাৰ ।



No comments