Breaking News

ধনশিৰি মহকুমা আৰক্ষী বিষয়াৰ সৈতে সংবাদকৰ্মীৰ আলোচনা চক্ৰ



ধনশিৰি, ২ জুলাইঃ আজি ধনশিৰি মহকুমাৰ নৱ নিযুক্ত আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ সৈতে মহকুমাটোৰ সংবাদকৰ্মী সকলৰ সৈতে এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত  ধনশিৰি মহকুমা সাংবাদিক সন্থাৰ  সভাপতি মাখমুদ আলীৰ সভাপতিত্বত হোৱা  নৱনিযুক্ত আৰক্ষী বিষয়াজনক সৰ্ম্বধনা জনোৱা হয় ৷ আলোচনা চক্ৰত মহকুমাটোত সংঘটিত হৈ থকা ড্ৰাগছ, চুলাই মদৰ অবাধ বেহাৰ ৰোধ কৰা ক্ষেত্ৰত আৰক্ষী বিষয়াজনে  লোৱা পদক্ষেপক সকলোৱে ধন্যবাদ জনোৱাৰ লগতে অনাগত দিনত মহকুমাটোত শান্তি শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আৰক্ষীৰ লগত  সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ আৰক্ষী বিষয়া গৰাকীয়েও বিভিন্ন আইন শৃংখলাজনিত বিষয়সমূহৰ ক্ষেত্ৰত সহযোগিতা বিচাৰে৷  অনুষ্ঠানত গোলাঘাট জিলাৰ সাংবাদিক সন্থা সাধাৰণ সম্পাদক দ্বীপেন কুমাৰ বৰা , ধনশিৰি মহকুমা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক অৱনী শৰ্মা, জেষ্ঠ সাংবাদিক মানিক শৰ্মাৰ ওপৰিও মহকুমাটোৰ বহুকেইজন সংবাদকৰ্মী উপস্থিত থাকে ৷ 



No comments