Breaking News

শিৱসাগৰত ঔপন্যাসিক চাইৰা ইছলাম বড়াৰ গ্ৰন্থ "জীৱন বাটৰ মুকুতা বুটলি" উন্মোচনঃ কে’ক কাটি পালন কৰিলে সাহিত্যিক কনকসেন ডেকাৰ জন্মদিন

শিৱসাগৰ, ১৬ জুলাইঃ ঔপন্যাসিক-স্তম্ভলেখক চাইৰা ইছলাম বড়াৰ "জীৱন বাটৰ মুকুতা বুটলি" শীৰ্ষক এখনি ভিন্নস্বাদৰ নিবন্ধ সংকলন আজি শিৱসাগৰ নাট্যমন্দিৰত উন্মোচন হৈ যায়। লেখিকাৰ আদৰণি ভাষণৰ পাছতে প্ৰজ্ঞা প্ৰকাশৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনি উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দীপালী চলিহাই কয় যে, অদম্য মানসিক শক্তিৰে জীৱন-যুদ্ধত জয়ী হবলৈ সক্ষম হোৱা এগৰাকী লেখিকা চাইৰা ইছলাম বড়া। নিজৰ সঞ্জীৱনী শক্তিৰে পৰমেশ্বৰৰ সহযোগত লেখিকা নিজে জীপাল হৈ পৰিছে আজি।  আনহাতে অনুষ্ঠানৰ এগৰাকী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নিবন্ধকাৰ চামচুল বাৰিকে কয় যে, লকডাউনৰ সমছোৱাত গ্ৰন্থইহে আমাক প্ৰকৃত সংগ দিছে। এই পৱিত্ৰ সংগই আমাক কেতিয়াও বিশ্বাসঘাটকতা নকৰে। আন এগৰাকী বিশিষ্ট অতিথি শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্তই তেওঁৰ বক্তব্য আগবঢ়াবলৈ গৈ দালাই লামাৰ প্ৰসংগ দাঙি ধৰি কয় যে, জীৱন আশাৰ ওপৰত নিৰ্ভৰশীল। সাহিত্যই শ্ৰেষ্ঠ সম্পদ। সাহিত্য এনে এক আৱিষ্কাৰ, যাৰ বাবে আজি মানুহে নিজৰ জীৱনৰ ৰূপৰেখা আঁকিব পৰা হল। নৱনীত হাজৰিকাই আঁত ধৰা অনুষ্ঠানত প্ৰজ্ঞা প্ৰকাশৰ স্বত্বাধিকাৰী প্ৰশান্ত বৰগোহাঁইয়েও বক্তব্য দাঙি ধৰে। আনহাতে উক্ত অনুষ্ঠানতে জামালুদ্দিন আহমেদৰ পৰিচালনাত বিশিষ্ট সাহিত্যিক কনকসেন ডেকাৰ ওপজা দিন উপলক্ষে কেক কটা পৰ্ব সমাপন হয়। জ্যেষ্ঠ সাংবাদিক সোমেশ ডেকা, যুৱনেতা প্ৰদীপ বৰগোহাঁই, সমাজকৰ্মী ধনঞ্জয় শইকীয়া, মাহমুদ আলি, ৰমিজ আলি, খাইৰুল ইছলাম, দ্ৰোণ খঙীয়াকে আদি কৰি বহু গণ্যমান্য ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে।





No comments