Breaking News

সুদীৰ্ঘ ডেৰ বছৰৰ মূৰত যোৰহাট জিলাৰ চেলেংহাটৰ নিজা বাসগৃহত পদাৰ্পণ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ


শিৱসাগৰ, ২৬ জুনঃ সুদীৰ্ঘ ডেৰ বছৰৰ মূৰত কৃষক নেতা তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে পদাৰ্পণ কৰিলে যোৰহাট জিলাৰ চেলেংহাটৰ নিজা বাসগৃহত। নিজৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে দলীয় কৰ্মী- বিষয়ববীয়াৰ লগতে গুণমুদ্ধ ৰাইজে হিয়াৰ আমঠু নেতাজনক চাবলৈ এষাৰ কথা পাতিবলৈ উবুৰি খাই পৰে। উল্লেখ্য যে, "কা" আন্দোলনৰ পৰিণতিত যোৱা ডেৰ বছৰ ধৰি কাৰাৰুদ্ধ হৈ থকা জনপ্ৰিয় কৃষক নেতাজনক কালি এন আই আদালতে মাতৃ-পুত্ৰক সাক্ষাৎ কৰাৰ বাবে দুদিনৰ বাবে অনুমতি প্ৰদান কৰিছিল। কালি নিশা প্ৰায় ১০-১০ বজাত বিশেষ নিৰাপত্তাৰ মাজেৰে জি এম চি এইচৰ পৰা গুৱাহাটীৰ নিজৰাপাৰৰ বাসগৃহত উপস্থিত হৈ নিশাটো পুত্ৰ নচিকেতা আৰু পত্নী গীতাশ্ৰী তামূলীৰ সৈতে নিশা কটায়। আজি তেওঁ যোৰহাটৰ চেলেং হাটৰ নিজা বাসগৃহত উপস্থিত হোৱাৰ পাছতে মাতৃ প্ৰিয়দা গগৈ আৰু পুত্ৰ অখিল গগৈৰ মিলনৰ দৃশ্য দেখি উপস্থিত গুণমুগ্ধসকলো শোকস্তব্ধ হৈ পৰে। দুটা দিনৰ পাছতেই তেওঁ পুনৰ জি এম চি এইচলৈ উভতি যাব লাগিব। দলীয় কৰ্মীৰ লগতে গুণমুগ্ধসকলে শীঘ্ৰেই কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মুক্তি কামনা কৰিছেঁ।




No comments