শিৱসাগৰৰ কোঁৱৰপুৰত দুষ্প্ৰাপ্য প্ৰজাতিৰ গুঁই সাপ উদ্ধাৰ
শিৱসাগৰ, ১৩ জুনঃ আজি শিৱসাগৰ জিলাৰ পশ্চিম কোঁৱৰপুৰ মৌজাৰ অন্তৰ্গত নকটানি ফাকুম গাঁওত এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ গুঁই সাপ উদ্ধাৰ কৰা হয়। জানিব পৰা মতে, বিহংগম প্ৰকৃতি সুৰক্ষা সংস্থাৰ সম্পাদক ঋতু প্রিয়মে আজি নিজা বাসগৃহৰ চৌহদত এটি গুঁই সাপৰ পোৱালি প্ৰত্যক্ষ কৰে। অকস্মাত আক্ৰমণাত্মক হৈ পৰা অতি বিষাক্ত প্ৰজাতিৰ গুঁই সাপটো প্ৰকৃতিপ্ৰেমী যুৱকজনে বুদ্ধিদীপ্ততাৰে কৰায়ত্ত কৰি নিজৰ অধীনলৈ আনি পৰৱৰ্তী সময়ত বনবিভাগক চমজাই দিয়ে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ঋতু প্ৰিয়মে দেওৰাজহাঁহ, শগুণ, লক্ষ্মী ফেঁচা আদি বহুতো বিৰল প্ৰজাতিৰ চৰাইৰ লগতে বিভিন্নধৰণৰ সাপ উদ্ধাৰ কৰি বনবিভাগৰ হাতত গতাই দি আহিছে। লগতে বহু আঘাতপ্ৰাপ্ত প্ৰাণীক নিজৰ তত্বাৱধানত ৰাখি চিকিৎসা কৰি মুক্ত কৰি দিছে। ইয়াৰ বাবে প্ৰকৃতিপ্ৰেমী যুৱকজন বনবিভাগৰ দ্বাৰা পুৰস্কৃতও হৈছে।

No comments