Breaking News

আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

🔶 আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক

🔶বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

🔶অসমৰ সকলো আৰক্ষী সশস্ত্ৰ বেটেলিয়নৰ আৰক্ষী কনিষ্টবলৰ পৰা আৰম্ভ কৰি উপ পৰিদৰ্শকলৈ সকলোকে এমাহৰ বাধ্যতামূলক ছুটিৰ সিদ্ধান্ত গ্ৰহণ

🔶পৰিয়ালৰ সৈতে চৰকাৰী আৱাসত থকাসকলে পাব দহ দিনৰ ছুটী

🔶পৰিয়ালৰ পৰা আতৰত থকাসকলৰ বাবে এমাহৰ বাবে ছুটী বাধ্যতামূলক

🔶সামগ্ৰী পৰিবহনৰ বাবে সুলভ মূল্যৰ দোকান আৰু সমবায় সমিতিৰ কমিছন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ

🔶প্ৰতি কুইণ্টলত ১০০.১০ টকাৰ পৰা ১৪৩ টকালৈ বৃদ্ধি

🔶ৰাজ্যৰ ৮৬০ খন সমবায় সমিতিলৈ গুদামকে ধৰি সামগ্ৰীৰ অন্যান্য উত্স ব্যৱহাৰৰ বাবে প্ৰতিবছৰে ৫ লাখ টকাৰ নিৰ্ধাৰিত অনুদান

🔶ভাৰতীয় খাদ্য নিগমৰ গুদামৰ পৰা সামগ্ৰী কঢ়িয়াবৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত পৰিবহন চুক্তি সমবায় সমিতিসমূহক প্ৰদান কৰা হ'ব

🔶চতিয়াৰ বিধায়ক পদ্ম হাজৰিকালৈ আগবঢ়োৱা হৈছে কেবিনেট মৰ্যাদা

🔶ছিপাঝাৰৰ গৰুখুঁটিত ৭৭ হাজাৰ বিঘা ভূমিত কৃষিকৰ্ম সুকলমে পৰিচালনা কৰিবৰ বাবে পদমৰ্যাদা প্ৰদান

🔶পৰ্যায়ক্ৰমে তেখেতক প্ৰদান কৰা হ'ব অধিক দায়িত্ব

🔶বিদ্যালয়ৰ সিক্ষাৰ্থীসকলৰ অনলাইন পাঠ্যক্ৰমৰ সুবিধাৰ্থে নেটৱৰ্কৰ সুবিধা নথকা সকলো ঠাইতে মোবাইল টাৱাৰ স্থাপনৰ নিৰ্দেশ

🔶তথ্য আৰু প্ৰযুক্তি বিভাগক দিয়া হৈছে এই নিৰ্দেশ

 

No comments