বৃদ্ধি পালে অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা
🔶প্ৰকৃতিপ্ৰেমীসকলৰ বাবে ভালখবৰ
🔶বৃদ্ধি পালে অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা
🔶৭খনলৈ বৃদ্ধি পালে অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা
🔶মধ্য প্ৰদেশ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পিছতে সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যানৰ থকা ৰাজ্য হিচাপে দেশৰ তৃতীয় স্থানত আছে অসম
🔶দিহিং পাটকাইক শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদান কৰিছে চৰকাৰে
🔶আজি বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ঘোষণা কৰিলে এই কথা
🔶উল্লেখযোগ্য যে, ২০২০ বৰ্ষত অবৈধ কয়লা খননৰ বাবে বিশেষ চৰ্চাৰ মাজলৈ আহিছিল দিহিং পাটকাই
🔶সামাজিক গণ মাধ্যমত ইয়াৰ বিৰুদ্ধে দেশ-বিদেশত প্ৰতিবাদৰ জোৱাৰ উঠাৰ লগতে অভয়াৰণ্যখনক লৈ সৰৱ হৈ পৰিছিল পৰিৱেশ কৰ্মীসকল
🔶অসমৰ মানচিত্ৰত সংযোজিত হোৱা অন্য এখন ৰাষ্ট্ৰীয় উদ্যান হৈছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান
🔶বিটিআৰৰ ৰাইমনা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে
🔶বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰাৰ কথা ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে
🔶বিটিআৰৰ কচুগাঁৱত অৱস্থিতি ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশে আছে ভূটান
No comments