কাপোৰ পিন্ধিব নোৱাৰা ছোৱালীজনী নিজেই উঠি বহিছেঃ কিছু সুস্থ হৈ উঠিছে ঋতুমণি হাজৰিকা
শিৱসাগৰ, ২৪ জুনঃ আগতকৈ কিছু সুস্থ হৈ
উঠিছে শিৱসাগৰ হাঁহচৰাৰ মেধাৱী যুৱতী ঋতুমনি হাজৰিকা। দীৰ্ঘদিন ধৰি শয্যাশায়ী হৈ থকা ঋতুমণিৰ বিষয়ে কেইদিনমানৰ আগত বিভিন্ন সংবাদ
মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈয়ে ঋতুমণিৰ
বাসগৃহত উপস্থিত হৈ ঋতুমণিৰ চিকিৎসাৰ দায়িত্ব লয়।ঘৰৰ আৰ্থিক
দুৰৱস্থাৰ বাবে ভালদৰে চিকিৎসা নোহোৱা ঋতুমণিৰ চিকিৎসাৰ বাবে সমস্ত দায়িত্বভাৰ
গ্ৰহণ কৰিছে সাংসদগৰাকীয়ে। সাংসদগৰাকীৰ
সহযোগত ঋতুমণিক ডিব্ৰুগড় নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসা লাভৰ
পিছতেই কিছু সুস্থ হৈ উঠিছে ঋতুমণি। গা লৰচৰ কৰিব নোৱাৰা, কাপোৰ পিন্ধিব
নোৱাৰা যুৱতীগৰাকী এতিয়া নিজেই উঠি বহিছে। ইয়াৰ পিছতেই
ঋতুমণিৰ ফটো ছ’চিয়েল মিডিয়াত
ভাইৰেল হৈ পৰিছে। তাৰ লগে লগে সাংসদ তপন কুমাৰ
গগৈক প্ৰশংসা কৰিছে সকলোৱে।
No comments