জিএমচিএইচত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তঃ চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰি সমগ্ৰ ব্যৱস্থাৱলী নিৰীক্ষণ
নিউজ ডেস্ক, ২৬ জুনঃ আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি হাস্পতালখনত ইতিমধ্যে সাজু হৈ উঠা ২০০খন আইচিইউ বিচনাযুক্ত ক'ভিড হাস্পতালখন অনতিপলমে সেইখন ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি
দিয়া হ'ব বুলি জানিবলৈ দিয়ে। লগতে উক্ত চিকিৎসালয়খনত থাকিব অসমৰ সৰ্ববৃহৎ অক্সিজেন টেংকটো। আনহাতে 80KLযুক্ত LMO সংলগ্ন এই হাস্পতালখনত ৪০গৰাকী চিকিৎসক তথা
ক্ৰিটিকেল কেয়াৰৰ নাৰ্ছে ক'ভিড কেয়াৰৰ ক্ষেত্ৰত বিশেষ সহায়ক হব পৰাকৈ অহৰহ চিকিৎসা সেৱা প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে। অন্যহাতে, মন্ত্ৰীগৰাকী ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক, স্বাস্থ্য সেৱা সঞ্চালক, চিকিৎসা শিক্ষা সঞ্চালক, স্বাস্থ্য বিভাগৰ উপসচিবৰ সৈতে গুৱাহাটী
চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষৰ সৈতে হাস্পতালখন পৰিদৰ্শন কৰি সমগ্ৰ ব্যৱস্থাৱলী নিৰীক্ষণ কৰে।
No comments