বোকাজানত হিন্দু জাগৰণ মঞ্চৰ নেতাৰ কৰ'না প্ৰতিষেধক ছিণ্ডিকেটঃ ভাইৰেল দুই নেতাৰ অডিঅ' ক্লিপিংঃ এটা প্ৰতিষেধকৰ মূল্য এক হাজাৰ টকাঃ স্বাস্থ্যকৰ্মী জড়িতৰ সন্দেহঃ ছাত্ৰ সন্থাৰ স্মাৰকপত্ৰ প্ৰদানঃ মহকুমা প্ৰশাসনৰ তদন্ত অব্যাহত
বোকাজান, ১০ জুনঃ- মৃত্যুদূতৰূপী কাল কৰ'নাৰ সংহাৰৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যজুৰি কৰ'নাৰ প্ৰতিষেধকৰ অভাৱক কেন্দ্ৰ কৰি একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতি অব্যাহত থকাৰ সময়তে কাৰ্বি আংলং জিলাৰ বোকাজানত কৰ'নাৰ প্ৰতিষেধকৰ অবৈধ ব্যৱসায়ৰ এক ছিণ্ডিকেট গঢ় লৈ উঠা বুলি উত্থাপিত হোৱা এক অভিযোগক কেন্দ্ৰ কৰি সমগ্ৰ বোকাজান মহকুমাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক কৰ'নাৰ প্ৰতিষেধক বিনামূল্যে যোগান দিয়াৰ কথা কয়, সেই সময়তে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজানত কৰ'না প্ৰতিষেধকৰ ছিণ্ডিকেট বাধাহীনভাৱে চলি থকাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে, বোকাজানত এটা কৰ'না প্ৰতিষেধকৰ মূল্য এক হাজাৰ টকা লোৱাৰ এটা অডিঅ' ক্লিপিং ভাইৰেল হৈছে। অভিযোগ অনুসৰি হিন্দুত্ববাদী সংগঠনৰ একাংশ নেতা-কৰ্মীয়ে কৰ'না প্ৰতিষেধকৰ নামত হাজাৰ হাজাৰ টকা ঠগ প্ৰবঞ্চনাৰে আত্মহাত কৰাৰ এক তথ্য পোহৰলৈ আহিছে। বোকাজানত কৰ'না প্ৰতিষেধকৰ ছিণ্ডিকেটত কোন কোন জড়িত আছে তাক লৈ এতিয়া সাধাৰণ জনতাৰ মাজত প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে এই কেলেংকাৰীত জড়িত হিন্দুত্ববাদী সংগঠন হিন্দু জাগৰণ মঞ্চৰ নেতা-কৰ্মীৰ নাম পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ৮ জুনত বোকাজান এলেকাত জনৈক উমেশ গুপ্তা আৰু চাজু দাস নামৰ দুগৰাকী হিন্দু জাগৰণ মঞ্চৰ কৰ্মীৰ মাজত হোৱা এক টেলিফোনিক বাৰ্তালাপৰ ক্লিপিং ভাইৰেল হৈ পৰে। উক্ত বাৰ্তালাপত বোকাজানত কৰ'নাৰ প্ৰতিষেধকৰ ক'লা বজাৰৰ ছিণ্ডিকেট গঢ় লৈ উঠা বুলি স্পষ্টভাৱে উল্লেখ থকাৰ প্ৰসংগক কেন্দ্ৰ কৰি মহকুমা এলেকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এটা কৰ'নাৰ প্ৰতিষেধকৰ মূল্য এক হাজাৰ টকা লোৱাৰ লগতে স্বাস্থ্য কৰ্মীৰ উপৰি বিভিন্ন পক্ষক উক্ত ধনৰ ভাগ দিব লাগে বুলি চাজু দাসে ভাইৰেল অডিঅ' ক্লিপিঙটোত স্পষ্টভাৱে উল্লেখ কৰিছে। ইয়াৰ মাজতে বোকাজান মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডাঃ দণ্ডধৰ গগৈয়ে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি অডিঅ' ক্লিপিংটো লাভ কৰাৰ পিছতে বিষয়াগৰাকীয়ে বিভাগটোৰ কৰ্মচাৰীসকলক সোধ-পোছ কৰাত এনে কোনো ছিণ্ডিকেটৰ তথ্য লাভ কৰা নাই বুলি অৱগত কৰে। লগতে বোকাজান মহকুমাধিপতিগৰাকীক বিষয়টো সন্দৰ্ভত তদন্ত কৰি কৰ'নাৰ প্ৰতিষেধকৰ নামত যদিহে প্ৰকৃততে কোনো ছিণ্ডিকেটৰ সৃষ্টি হৈছে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনায় বুলি জানিবলৈ দিয়ে। বোকাজানৰ মহকুমাধিপতি অনুপ কুমাৰ ব্ৰক্ষ্মই বিতৰ্কিত কৰ'না প্ৰতিষেধকৰ ছিণ্ডিকেটৰ প্ৰসংগত তদন্তই অন্তিম পৰ্যায় লাভ কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে। আনহাতে, ঘটনা সন্দৰ্ভত বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই বোকাজানৰ মহকুমাধিপতিক আজি এক স্মাৰকপত্ৰ প্ৰদান কৰে। আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে পিতাম্বৰ চেতিয়া আৰু অৰিন্দম মহন্ত স্বাক্ষৰিত স্মাৰকপত্ৰত, বৰ্তমান সময়ত বোকাজান মহকুমাৰ বহু ব্যক্তিয়ে অনলাইন বুকিং কৰিও ক'ভিড প্ৰতিষেধক লাভ নকৰাৰ বিপৰীতে অসাধু ব্যক্তিয়ে একাংশ স্বাস্থ্য কৰ্মীৰ সৈতে মিতিৰালী কৰি ধনৰ বিনিময়ত ক'ভিড প্ৰতিষেধকৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপনৰ ভিত্তিত সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ বাবে স্মাৰকপত্ৰযোগে দাবী জনাই সংগঠনটোৰ নেতৃত্বই। ইফালে, অডিঅ' ক্লিপিঙৰ বিতৰ্কত সাঙোৰ খাই পৰা চাজু দাসে ইতিমধ্যে উমেশ গুপ্তাৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি গোচৰ ৰুজু কৰাৰ বিপৰীতে উমেশ গুপ্তায়ো চাজু দাসৰ বিৰুদ্ধে কৰ'নাৰ প্ৰতিষেধকৰ চোৰাং ব্যৱসায়ত লিপ্ত থকাৰ অভিযোগত গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। উল্লেখ যে, বিষয়টোৱে বোকাজান মহকুমাত বাৰুকৈয়ে চাঞ্চল্যৰ সৃষ্টি কৰাৰ বিপৰীতে আৰক্ষী তথা মহকুমা প্ৰশাসনক কৰ'নাৰ প্ৰতিষেধক ছিণ্ডিকেটৰ উচিত তদন্ত কৰি প্ৰকৃত দোষীক চিনাক্তকৰণৰে দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী জনাইছে বোকাজানৰ সচেতন মহলে।

No comments