Breaking News

কাৰ্বি সশস্ত্র সংগঠনৰ শান্তিচুক্তিক লৈ আটছাৰ ৰাজ্যপাললৈ স্মাৰকপত্ৰঃ সকলো পক্ষক অস্থাত লৈ শান্তিচুক্তি প্ৰক্ৰিয়া আগুৱাই নিয়াৰ আহ্বান

বোকাজান, ৯ জুনঃ- খুব চমুতে স্বাক্ষৰিত হ'বলগীয়া কাৰ্বি আংলঙৰ চাৰিটাকৈ অস্ত্ৰবিৰতি সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰস্তাবিত শান্তি চুক্তিৰ প্ৰসংগক কেন্দ্ৰ কৰি পাহাৰীয়া জিলাখনত বিভিন্ন চৰ্চা অব্যাহত থকাৰ সময়তে পাহাৰীয়া জিলা দুখনত বসবাস কৰি থকা আদিবাসী সম্প্ৰদায়ৰ লোকসকলে প্ৰস্তাবিত শান্তিচুক্তিক লৈ কেতবোৰ বিষয়ত আশংকা প্ৰকাশ কৰিছে। আজি বোকাজান মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰা এক স্মাৰকপত্ৰত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ "আটছা"ৰ বোকাজান শাখা সমিতিয়ে শান্তি চুক্তিখনক কেন্দ্ৰ কৰি পাহাৰীয়া এলেকাটোত বসবাস কৰা আদিবাসী লোকসকলৰ মাজত সৃষ্টি হোৱা বিভিন্ন আশংকা সম্পৰ্কে উল্লেখ কৰে। সংগঠনটোৰ বোকাজান শাখা সমিতিৰ সভাপতি-সম্পাদক স্বাক্ষৰিত স্মাৰকপত্ৰখনত  জিলাখনত বসবাস কৰি থকা সকলো পক্ষকে অস্থাত লৈ শান্তিচুক্তি প্ৰক্ৰিয়াক আগুৱাই নিয়াৰ বাবে আহ্বান জনায়। স্মাৰকপত্ৰখনত উল্লেখ কৰা অনুসৰি, অলপতে স্বাক্ষৰিত হ'বলগীয়া শান্তিচুক্তি সন্দৰ্ভত সংগঠনটো সম্পূৰ্ণৰূপে অজ্ঞাত। যাৰ ফলত শান্তিচুক্তি স্বাক্ষৰিত হ'লে পাহাৰীয়া জিলা দুখনত বসবাস কৰি থকা চাহ জনজাতি তথা অ-জনজাতীয় লোকসকলৰ ৰাজনৈতিক অধিকাৰ তথা পৰিষদীয় নিৰ্বাচনত ভোটদানৰ অধিকাৰ খৰ্ব হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰে। সেয়েহে, শান্তিচুক্তিৰ ৰূপৰেখা প্ৰস্তুতকৰণৰ ক্ষেত্ৰত কাৰ্বি আংলঙত বসবাস কৰি থকা চাহ জনজাতি তথা সকলো অ-জনজাতীয় লোকৰ অধিকাৰ যাতে সুৰক্ষিত হয় সেই সন্দৰ্ভত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ বাবে স্মাৰকপত্ৰযোগে অনুৰোধ জনায় সংগঠনটোৰ নেতৃত্বই।





No comments