Breaking News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কেবিনেট বৈঠকঃ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

নিউজ ডেস্কঃ আজি অনুষ্ঠিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কেবিনেট বৈঠক। বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ হৈছেঃ-


🔶সমাজলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে প্ৰতি বছৰে এজন ব্যক্তিক প্ৰদান কৰা হ'ব অসম ৰত্ন বটাঁ 


🔶 তিনিগৰাকী লোকক প্ৰদান কৰা হ'ব অসম বিভূষণ বঁটা  


🔶অসম বিভূষণ বঁটাত ৫ লাখ টকাৰ অনুদান


🔶পাঁচগৰাকীকৈ লোকক প্ৰদান কৰা হ'ব অসম ভূষণ সন্মান


🔶এই বঁটাত থাকিব ৩ লাখ টকাৰ অনুদান


🔶প্ৰতি বছৰে দহগৰাকী লোকক প্ৰদান কৰা হ'ব অসম শ্ৰী সন্মান


🔶 এই বঁটাত থাকিব ১ লাখ টকা অনুদান 


🔶এটা বিশেষ দিনত প্ৰদান কৰা হ'ব এইসমূহ সন্মান তথা বঁটা


🔶এই বঁটাসমূহত গুৰুতৰ ৰোগৰ বিনামূলীয়া চিকিৎসা, অসম ভৱনত বিনামূলীয়াকৈ থকাৰ সুবিধা, এএছটিচি বাছত বিনামূলীয়াকৈ ভ্ৰমণ আদিৰ দৰে সুবিধা অন্তৰ্ভুক্ত থাকিব


🔶 প্ৰত্যেক বছৰৰ ৭ ডিচেম্বৰ তাৰিখে বিশিষ্ট সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঁইদেৱক স্মৰণ কৰি, তেখেতৰ জন্ম জয়ন্তীত তেখেতৰ নামত প্ৰতি বছৰে সাহিত্যিক পেঞ্চন প্ৰদান কৰা হ'ব


🔶 প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰ তাৰিখে ক্ৰীড়াবিদ তথা অৰ্জুন বঁটা বিজয়ী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম জয়ন্তীত ক্ৰীড়া পেঞ্চন প্ৰদান কৰা হ'ব


 🔶প্ৰতি বছৰে ১৭ জানুৱাৰী অৰ্থাৎ শিল্পী দিৱসৰ দিনা  প্ৰদান কৰা হ'ব শিল্পী বঁটা  


🔶বৰদোৱা প্রকল্পক ৩৫ বিঘা অতিৰিক্ত ভূমি আৱণ্টন 


🔶১২ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ পৰামৰ্শ


🔶অসমৰ সকলো চৰকাৰী কাৰ্যালয়ত থাকিব অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ফটো


🔶 কয়লা ছিণ্ডিকেট সন্দৰ্ভত চৰকাৰী নিৰ্দেশনা


🔶 অসমৰ মাজেৰে যোৱা কয়লা ভৰ্তি ট্ৰাকৰ অত্যাধিক পৰিমাণ হ্ৰাস কৰাৰ বাবে কৰিব ট্ৰাকৰ ওজন পৰীক্ষা


🔶দীঘৰখাল আৰু শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক সীমান্ত গেটত কৰা হ'ব ট্ৰাকৰ ওজন পৰীক্ষা


🔶৩১ মাৰ্চলৈকে অব্যাহত থাকিব এই ব্যৱস্থা


🔶 বিধায়ক পদ্ম হাজৰিকাৰ অধ্যক্ষতাত দৰঙৰ গৰুখুটি, ছিপাঝাৰত বেদখলকাৰীৰ পৰা মুক্ত হোৱা ৭৭,০০০ বিঘা চৰকাৰী ভূমি কৃষিৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ এখন সমিতি গঠন কৰা হ'ব



No comments