নিউজ ১২ অসম নৰ্থ ইষ্টৰ বাতৰিৰ প্ৰভাৱঃ মেধাবী ছাত্ৰী ৰিতুমণিৰ চিকিৎসাৰ দায়িত্ব ল'লে সাংসদ তপন কুমাৰ গগৈ দেৱে
শিৱসাগৰ, ২১ জুনঃ দুদিনমানৰ আগত নিউজ ১২ অসম নৰ্থ ইষ্টত প্ৰকাশ হৈছিল এক বাতৰি। জীৱন গঢ়াৰ বয়সত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ঘৰৰ কোঠাত সোমাই দুবছৰে ধৰি বিচনাখনক একমাত্ৰ সাৰথি হিচাপে লৈ জীয়াই আছিল শিৱসাগৰৰ হাঁহচৰাৰ সন্দিকৈ গাঁৱৰ এগৰাকী মেধাবী ছাত্ৰী ৰিতুমণি হাজৰিকা। মাতৃৰ এক সৰু উপাৰ্জনৰে কোনো মতে পৰিয়াল পোহপাল দিয়া আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে ঋতুমণিক প্ৰাথমিক চিকিৎসা কৰাইছিল যদিও অৰ্থৰ অভাৱত উন্নত চিকিৎসা কৰাব পৰা নাছিল। মাত্ৰ ২৩ বছৰ বয়সতে যুৱতীগৰাকীলৈ নামি আহিছে ঘোৰ অন্ধকাৰ। ৰিতুমণিৰ ৰোগৰ বিষয়ে তিনি দিন পূৰ্বে নিউজ ১২ অসম নৰ্থ ইষ্টৰ লগতে অন্যান্য সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত হৈছিল। বাতৰিটো সম্প্ৰচাৰিত হোৱাৰ পাছতে যোৰহাট লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ তপন কুমাৰ গগৈ দেৱে ২০ জুনৰ দিনা শিৱসাগৰত উপস্থিত হৈ পোনে পোনে ৰিতুমণিৰ ঘৰত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লয় আৰু পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি ডিব্ৰুগড়স্থিত ব্ৰহ্মপুত্ৰ নাৰ্চিংহোমত ৰিতুমণিৰ চিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি দিয়ে। তেখেতে এখন এম্বুলেঞ্চ যোগাৰ কৰি ঋতুমণিক চিকিৎসাৰ বাবে নাচিংহোমখনলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰাৰ লগতে চিকিৎসাৰ সময়ত থকা খোৱা খৰছৰ বাবদ ৰিতুমণিৰ পৰিয়ালটোৰ হাতত নগদ ৫০ হাজাৰ টকা প্ৰদান কৰে। ৰিতুমণিৰ চিকিৎসাৰ বাবদ ব্ৰহ্মপুত্ৰ নাৰ্চিংহোমত ব্যয় হ’ব লগা ধন সাংসদ তপন কুমাৰ গগৈয়ে নিজেই বহন কৰিব বুলি জানিবলৈ দিয়ে। সাংসদগৰাকীৰ এনে কাৰ্যক এতিয়া সকলোৱে প্ৰশংসা কৰিছে।


No comments