বৰপথাৰৰ টেঙানী বৰহোলা শ্যাম গাওঁত বৃহৎ কানিৰ ঘাটি উৎখাত
ধনশিৰি, ২ জুনঃ মঙ্গলবাৰে গোলাঘাট জিলাৰ বৰপথাৰৰ টেঙানী বৰহোলা শ্যাম গাঁৱৰ এটা দুৰ্গম অঞ্চলত ১নং টেঙানী গাঁওৰক্ষী বাহিনী, কছাৰীহোলা গাঁওৰক্ষী বাহিনীৰ সম্পাদক, বৰপথাৰ থানা পৰিচালনা সমিতিৰ সভাপতি, টেঙানীৰ লাট গাওঁবুঢ়াৰ লগতে সকলোৱে এক অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় । উক্ত অঞ্চলৰ চামকো শ্যাম নামৰ লোকজনৰ বাগানৰ মাজৰ এটা চাংঘৰত কানি সেৱন কৰি থাকোঁতে চামকো শ্যামৰ লগতে আৰু চাৰিজন লোকক হাতে লোটে ধৰিবলৈ সক্ষম হয় । গোপন সূত্ৰৰ পম খেদি চলোৱা উক্ত অভিযানত পাচঁজন লোকক আৰক্ষীয়ে আটক কৰে যদিও কেইবাজনো লোকে সেই স্থান এৰি পলায়ন কৰে। তেওঁলোকৰ ওচৰত বৃহৎ কানিৰ টোপোলাৰ লগতে কানি সেৱন কৰা সামগ্ৰী, কানি জুখিবলৈ ব্যৱহাৰ কৰা এযোৰ দগা পাল্লা, ৭০ হাজাৰ টকাৰ নগদ ধন, পাঁচটা মোবাইল ফোনৰ লগতে বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয় । লগতে আৰক্ষীয়ে AS-03-F-3415, AS-05-G-7890, AS-05-F-1374, আৰু AS-05-G-1700 নম্বৰৰ চাৰিখন কৈ দুচকীয়া বাহন জব্দ কৰে। কৰায়ত্ত কৰা লোক কেইজনৰ ঘৰ গোলাঘাট, মেৰাপানী, গৰঙাৰ লগতে এজন ৰাজস্থানৰ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীৰপৰা পলায়ন কৰা লোক কেইজনক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
No comments