অহাৰ বাটেৰে গ’লগৈ তেখেতঃ বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰা আৰু নাই
🔶 অহাৰ বাটেৰে গ’লগৈ তেখেত
🔶 বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰা আৰু নাই
🔶 আজি দিনৰ ১১.২৯ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কথাশিল্পীগৰাকীয়ে
🔶 ক’ভিডত আক্ৰান্ত হৈ মহানগৰীৰ এক্সেল কেয়াৰ হস্পাতালত আই চি ইউত চিকিৎসাধীন হৈ আছিল তেখেত
🔶 ১৯৩২ চনৰ ১ মাৰ্চত জন্মগ্ৰহণ কৰিছিল সাহিত্যিকগৰাকী
🔶 ১৯৪৮ চনত নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক উত্তীণ হৈছিল
🔶 কটন কলেজত অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল
🔶 শ্বিলঙৰ চেইন্ট এন্থনী কলেজতো তেখেত পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা হিচাপে কাম কৰিছিল
🔶 নগাওঁ কলেজতো অধ্যাপনা কৰিছিল তেখেত
🔶 ১৯৫৮চনত বতৰ বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে তেখেত যোগদান কৰিছিল অসম কৃষি বিশ্ববিদ্যালয়ত
🔶 জাৰ্মানৰ গোটেনবাৰ্গ বিশ্ববিদ্যালয়ত বতৰ বিজ্ঞানৰ ভিজিটিং প্ৰফেচৰৰূপে পাঠদান কৰিছিল
🔶 অসম প্ৰদূষণ বৰ্ডৰ অধ্যক্ষও আছিল প্ৰয়াত বৰাদেৱ
🔶 ১৯৯৬ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিবেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল প্ৰয়াত বৰাদেৱে
🔶 সাহিত্য অকাডেমী সন্মান, অসম উপত্যাকা সাহিত্য বটাঁ, অসম প্ৰকাশন পৰিষদৰ জীৱন যোৰা সাধনা বটাঁ লাভ কৰিছিল
🔶 ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা সাহিত্য আৰু শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল
🔶 আজি বিশিষ্ট সাহিত্যিকগৰাকীয়ে ইহলীলা সম্বৰণ কৰে
🔶 সাহিত্যিকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব নৱগ্ৰহ শশ্মানত
🔶 ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হব বিশিষ্ট সাহিত্যিকগৰাকীক
🔶 সাহিত্যিকগৰাকীৰ বিয়োগত এতিয়া ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে
🔶 নিউজ ১২ অসম নৰ্থ ইষ্টৰ ফালৰ পৰা প্ৰয়াত সাহিত্যিকগৰাকীলৈ যাচিছো একাজঁলী শ্ৰদ্ধাঞ্জলী
No comments