কাৰ্বি সশস্ত্র সংগঠনৰ শান্তিচুক্তিকলৈ যুৱ-ছাত্ৰ পৰিষদ, আটাছুৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদানঃ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ ৰাজনৈতিক, সাংবিধানিক, ভূমিৰ অধিকাৰ অক্ষুণ্ণ ৰখাৰ আহ্বান
বোকাজান, ১১ জুনঃ- কাৰ্বি আংলঙৰ অস্ত্ৰবিৰত কেইবাটাও বিদ্ৰোহী সংগঠনৰ সৈতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এলেকাটোত স্থায়ী শান্তি স্থাপনৰ লক্ষৰে এখনি শান্তিচুক্তি স্বাক্ষৰৰ দিশে অগ্ৰসৰ হৈছে যদিও প্ৰস্তাবিত শান্তিচুক্তিখনৰ প্ৰসংগক কেন্দ্ৰ কৰি জিলাখনৰ বিশেষকৈ অ-জনজাতীয় লোকসকলৰ মাজত বিভিন্ন কাৰণত শংকা আৰু অনিশ্চয়তাই ভুমুকি মৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ, প্ৰস্তাবিত শান্তিচুক্তিখনত অন্তৰ্ভুক্ত হোৱা বিষয় সন্দৰ্ভত আগতীয়া কোনো ধাৰণা লাভ কৰিবলৈ সক্ষম নোহোৱাৰ ফলত বিভিন্ন কাৰণত শংকাৰ সন্মুখীন হোৱা একাধিক জনগোষ্ঠীয় সংগঠনে বিগত দিনকেইটাত অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি বিষয়টো দৃষ্টিগোচৰ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে আজি পুনৰ দুটাকৈ সংগঠনে খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনাই বোকাজানৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ সুকীয়া সুকীয়াকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ বাতৰি পোৱা গৈছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে, জিতু ফুকন আৰু অপূৰ্ব দাস স্বাক্ষৰিত স্মাৰকপত্ৰত প্ৰস্তাবিত শান্তিচুক্তি প্ৰক্ৰিয়াক আদৰণি জনোৱাৰ লগতে পাহাৰীয়া জিলাখনত অতীজৰ পৰা বসবাস কৰি অহা খিলঞ্জীয়া তথা থলুৱা জাতি-জনগোষ্ঠীসমূহৰ ৰাজনৈতিক, সাংবিধানিক আৰু ভূমিৰ অধিকাৰ যাতে পূৰ্বৰ দৰে অক্ষুণ্ণ থাকে তাৰ নিশ্চয়তা প্ৰদান কৰাৰ বাবে আহ্বান জনায়। আনহাতে, তাই আহোম ছাত্ৰ সন্থা চমুকৈ "আটাছু" কাৰ্বি আংলং জিলা সমিতিয়েও আজি বোকাজানৰ মহকুমাধিপতিগৰাকীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰযোগে জিলাখনত বসবাস কৰি থকা তাই আহোমসকলৰ ৰাজনৈতিক, সাংবিধানিক আৰু ভূমিৰ অধিকাৰ যাতে সুৰক্ষিত থাকে সেই নিশ্চয়তা প্ৰদান কৰাৰ বাবে আহ্বান জনায়। সংগঠনটোৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে ৰণদ্বীপ বৰুৱা আৰু দুলু লাহন স্বাক্ষৰিত স্মাৰকপত্ৰত লগতে তাই আহোমসকলে অতীজৰে পৰা জিলাখনত বৃহৎ জনগোষ্ঠী হিচাপে শান্তিপূৰ্ণভাৱে বসবাস কৰি আহিছে বুলি উল্লেখ কৰি পাহাৰীয়া জিলাখনৰ দীৰ্ঘদিনীয়া সমস্যাৰাজিৰ সৌহাৰ্দ্যপূৰ্ণ আলাপ-আলোচনাৰ মাজেৰে চিৰস্থায়ী সমাধনৰে পোষকতা কৰে।


No comments