Breaking News

শিৱসাগৰত ক'ভিড ভেকচিন প্ৰদান কেন্দ্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ


শিৱসাগৰ, ২৩ জুনঃ আজি শিৱসাগৰ জিলাৰ বিভিন্ন 'ভিড ভেকচিন প্ৰদান কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত। শিৱসাগৰ জিলাৰ ৰাজমাই চাহ বাগিচাৰ ক'ভিড ভেকচিন প্ৰদান কেন্দ্ৰ, শিৱসাগৰ চৰকাৰী উচ্চতৰ বহুমুখী বিদ্যালয়ৰ ভেকচিন প্ৰদান কেন্দ্ৰৰ লগতে আমগুৰিৰ আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়স্থিত ক'ভিড ভেকচিন প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ক'ভিড ভেকচিন প্ৰদান কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি পৰিস্থিতি সন্দৰ্ভত বু লয়

আনহাতে আজি পুৱা মন্ত্ৰীগৰাকীয়ে শিৱসাগৰস্থিত স্বৰ্গদেউ চুকাফা মাল্টি স্পেছিয়েলিটি হাস্পতালত উপস্থিত হৈ উত্তৰ-পূৰ্ৱাঞ্চলৰ প্ৰথমখন ৪০খন বিছনাযুক্ত "ইনফ্লেটেবল কোভিড হাস্পতা" মুকলি কৰে উক্ত কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা শিক্ষা মন্ত্ৰী ৰণোজ পেগু, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই, স্বাস্থ্য বিভাগৰ সঞ্চালক, উপসচিব, শিৱসাগৰ জিলাৰ জিলা উপায়ুক্তগৰাকীয়ে। সকলোৰে উপস্থিতিত মুকলি হোৱা এই ক'ভিড ৱাৰ্ডটোৱে বৃহত্তৰ শিৱসাগৰবাসী ৰাইজক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।




No comments