Breaking News

কাৰ্বি আংলঙত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা, জব্দ কৰে ড্ৰাগছ

🔶পাহাৰীয়া জিলা কাৰ্বি আংলঙত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী

🔶বোকাজান মহকুমা আৰক্ষীয়ে মহকুমা আৰক্ষী বিষয়া জন দাস, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰহ্ম, মনোজ্জল গগৈ,  আৰু চৰণ মোহন সিং চেতিয়াৰ নেতৃত্বত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে চলোৱা অভিযানত লাভ কৰিছে সফলতা

🔶একেদিনাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ২০.৭৬০ কি:গ্ৰা: গাঞ্জাৰ লগতে ৩৫ গ্ৰাম হেৰ'ইন

🔶বোকাজানৰ লাহৰিজানত আৰক্ষীৰ নাকা তালাচীত জব্দ হয় ২০.৭৬০ কিলোগ্ৰাম গাঞ্জা

🔶AS-01-KC-9163 নম্বৰৰ ট্ৰাকখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৪ পেকেট গাঞ্জা

🔶ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ট্ৰাক চালক ৰাজেশ্বৰ সিহৰ লগতে গাড়ীখনৰ মালিক টনাবাম টাচকেনক আটক কৰিছে

🔶দুয়োৰে ঘৰ মণিপুৰৰ ইম্ফলত বুলি জানিব পৰা গৈছে

🔶আনহাতে আৰক্ষীয়ে এক বিশ্বাসযোগ্য সূত্ৰৰ পম খেদি বোকাজানৰ গান্ধীবস্তিত উদ্ধাৰ কৰে ৩৫ গ্ৰাম হে'ইন

 🔶MN-01-9685  নম্বৰৰ এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছখিনি

 🔶৩ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল ড্ৰাগছখিনি

🔶আৰক্ষীয়ে দুজ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়

🔶ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন মণিপুৰৰ ইম্ফল নাওবা সিং আৰু মাংগিযাও সিং বুলি জানিব পৰা গৈছে



No comments