চাপৰ আৰক্ষীৰ বৃহৎ সফলতাঃ বৃহৎ পৰিমাণৰ গাঞ্জা আৰু বিলাতী সুৰা জব্দ
ধুবুৰী, ১২ জুনঃ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে বহু নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰীক আটক কৰিছে অসম আৰক্ষীয়ে। নিচাজাতীয় সামগ্ৰী সবৰাহকাৰীৰ বিষয়ে কঠোৰ হৈছে, কিন্তু ইয়াৰ বিপৰীতে বৰ্তমানেও ৰাজ্যৰ বহুতো
অঞ্চলত চলি আছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা। আজি চাপৰ
নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে এক অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আজি
বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত তথা চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া
প্ৰণৱ দলেৰ সহযোগত আৰক্ষীৰ এটা দলে চাপৰ অঞ্চলৰ বিভিন্ন ঠাইত এক অভিযান চলায়। উক্ত
অভিযানত অভিযানকাৰী দলটোৱে প্ৰায় ১০ কিলোগ্ৰাম গাঞ্জাৰ লগতে এশটা বিলাতী সুৰাৰ বটল
জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে নিচাজাতীয়
সামগ্ৰীসমূহৰ সৈতে উক্ত ঘটনাৰ লগত জড়িত চাৰিজনকৈ
সৰবৰাহকাৰী ক্ৰমে জামিনুৰ ইছলাম, বলভদ্ৰ নাথ, চন্দ্ৰ মোহন নাথ আৰু দেৱৰাজ বৰ্মনক আটক
কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি বিলাসীপাৰা থানা আৰু নয়াহাট উপ আৰক্ষী চকীৰ অন্তৰ্গত
বিভিন্ন ঠাইত অভিযান চলাই বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে প্ৰায় ৩০ টা চোৰাং
গৰু জব্দ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে। আনহাতে সাংবাদিকৰ সৈতে হোৱা
বাৰ্তালাপত মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে এই নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে
আৰক্ষী আৰু অধিক কঠোৰ হোৱাৰ লগতে অভিযানো অধিক তীব্রতৰ কৰা হ'ব বুলি জানিবলৈ দিয়ে।
No comments