Breaking News

শিৱসাগৰৰ নামতিৰ ৰজাবাৰীত সংঘটিত হৈছে যৌন নিৰ্যাতনৰ দৰে এক জঘন্য ঘটনাঃ যৌন নিৰ্যাতন চলাই কাৰাগাৰৰ অতিথি হ'ল নামঘৰীয়া

শিৱসাগৰ, ৩০ মে':- ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌন নিৰ্যাতনৰ দৰে জঘন্য ঘটনা এইবাৰ শিৱসাগৰ জিলাৰ নামতিৰ ৰজাবাৰী গাঁৱত নামঘৰীয়াৰ দৰে এক পবিত্ৰ বৃত্তিত কালিমা হানিলে এটা লম্পটে। নামতিৰ ৰজাবাৰী গাঁৱৰ নামঘৰীয়াৰ দৰে এক পবিত্ৰ বৃত্তিত নিয়োজিত ৫৮ বছৰীয়া এই লম্পটটোৰ নাম সুশীল বড়া। এই লম্পটটোৱে এগৰাকী দৰিদ্ৰ বিধবা মহিলাক দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই পুনৰাই সভ্য সমাজক কলংকিত কৰাৰ দৰে ঘটনা সংঘটিত কৰিছে। ভূক্তভোগী মহিলাগৰাকীৰ অভিযোগ মতে দীৰ্ঘদিন ধৰি একে গাঁৱৰে নামঘৰীয়া সুশীল বড়াই তেওঁৰ ওপৰত চলাই আহিছিল যৌন আতিশয্য।এই কথা ৰাজহুৱা কৰিলে প্ৰাণে মৰাৰ ভাবুকি দিছিল লম্পট সুশীল বড়াই। আনকি অভিযুক্ত সুশীল বৰাৰ পত্নীৰ বিৰুদ্ধেও ভূক্তভোগী মহিলাগৰাকীক শাৰীৰিক প্ৰহাৰ কৰা অভিযোগ উঠিছে অৱশেষত উপায়হীন হৈ দৰিদ্ৰ বিধবা মহিলাগৰাকীয়ে নামতি আৰক্ষীৰ কাষ চাপে।ইতিমধ্যে, নামতি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ৩৭৬/৩২৩/৩০৭ ধাৰাৰ অধীনত ০৮/২০২১ নম্বৰত গোচৰ পঞ্জীয়ন কৰি লম্পট নামঘৰীয়াক কাৰাগাৰালৈ প্ৰেৰণ কৰিছে ইফালে মহিলাগৰাকীয়ে নিজকে অন্তঃসত্ত্বা বুলি দাবী উত্থাপন কৰে যদিও এইপৰ্যন্ত পৰীক্ষাৰ ফলাফল আহি পোৱা নাই। এই ঘটনাই সমগ্ৰ নামতি ৰজাবাৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নামঘৰীয়াৰ দৰে এক পবিত্ৰ বৃত্তিত কালিমা হনা কাৰ্যক সহজভাৱে ল'ব পৰা নাই স্থানীয় লোকে



No comments